অসম সাহিত্য সভাই ২০২৫-২০২৭ কাৰ্যবৰ্ষৰ প্রথম আংশিক কার্যনির্বাহক সভা আৰু প্রথম কর্ণধাৰ সমিতিৰ বৈঠকৰ সিদ্ধান্ত অনুসৰি অসম সাহিত্য সভাৰ ‘যুৱ-সংসদ’ৰ উপ-সভাপতি হিচাপে বিশিষ্ট সাহিত্যিক, লেখক, সাংবাদিক মন্টু শইকীয়াক অসম সাহিত্য সভাৰ ‘যুৱ-সংসদ’ৰ উপ-সভাপতি হিচাপে অসম সাহিত্য সভাৰ কৰ্ণধাৰ সমিতিয়ে মনোনীত কৰিছে। অসম সাহিত্য সভাৰ সভাপতি ড° বসন্তকুমাৰ গোস্বামীৰ পৌৰোহিত্যত অনুষ্ঠিত কৰ্ণধাৰ সমিতিৰ বৈঠকে অসম সাহিত্য সভাৰ ‘যুৱ-সংসদ’ৰ উপ-সভাপতি পদৰ বাবে মনোনীত কৰি অনুমোদন কৰিছে। মন্টু শইকীয়াৰ জাতিপ্রেম, ভাষাপ্রেম তথা সাহিত্য সভাৰ প্ৰতি থকা গভীৰ অনুৰাগৰ বাবেই অসম সাহিত্য সভাই স-সন্মানেৰে এই দায়িত্ব অর্পণ কৰি মনোনীত কৰিছে। উল্লেখ্য যে মন্টু শইকীয়াই বৰ্তমানলৈকে ১৮ খন গ্ৰন্থ ৰচনা কৰিছে।তেখেতৰ এই সাফল্যতাৰ বাবে এন ই ফ’কাচৰ তৰফৰ পৰা জনাইছো অলেখ অভিনন্দন।
Trending
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা