অসম ৰাজ্যিক পৰিবহন নিগমে যাত্ৰীসকলৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে

0 271

কোভিড১৯ৰ প্ৰকোপ ৰোধিবলৈ প্ৰধানমন্ত্ৰী মোডীয়ে  সমগ্ৰ দেশজুৰি লকডাউনৰ ঘোষণা কৰিছিল। আৰু এই  এতিয়া দ্বিতীয় পৰ্য্যায়ৰ  লক ডাউন চলি আছে ।
 
 
 
 
লকডাউনৰ ফলশ্ৰুতিত অসমৰ বাহিৰত আৰু ভিতৰত বহুখিনি লোকেই আৱদ্ধ হৈ আছে। ৰাজ্যৰ ভিতৰত আৱদ্ধ হৈ থকা যাত্ৰীৰ বাবে চৰকাৰ আৰু প্ৰশাসনে ইতিমধ্যে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে।
 
 
এই পদক্ষেপৰ অংশ হিচাপে অসম ৰাজ্যিক পৰিবহণ নিগমে  আন্তঃজিলা যাতায়াতৰ ব্যৱস্থা কৰিছে। ইয়াৰ বাবে চৰকাৰ প্ৰশাসনে মুকলি কৰিছিল এটা বিশেষ হেল্পলাইন নম্বৰৰ। চৰকাৰে যাত্ৰীসকলৰ বাবে মুকলি কৰা হেল্পলাইন নম্বৰটো হ’ল ১০৪। এই নম্বৰটোত নিজৰ তথ্যসমূহ পঞ্জীয়ন কৰিলেহে আন্তঃজিলা যাতায়াতৰ সুবিধা লাভ কৰিব পাৰিব। আনহাতে যিসকলে উক্ত নম্বৰটোত কোনোধৰণৰ পঞ্জীয়ন কৰা নাই অথবা পঞ্জীয়নকাৰীসকলৰ ভিতৰৰে কোনোবা ব্যক্তিৰ তাত কোনোধৰণৰ মেছেজ নাই অহা তেতিয়াহ’লে তেওঁলোকে আন্তঃজিলা যাতায়াতৰ সুযোগ লাভ কৰিব নোৱাৰিব। 
 
 
আজি ৯৫০০জন ব্যক্তিৰ বিপৰীতে ৫৯৩খন বাছে আন্তঃজিলা যাতায়াতৰ সুযোগ লাভ কৰিছে। যোৱানিশা ৯বজাৰ পৰা গুৱাহাটীৰ বিভিন্ন স্থানৰ পৰা বাছ গৈছে। আজিৰ আন্তঃজিলা যাতায়াতৰ কাৰণে সময় আছিল ৰাতিপুৱা ৮বজাৰ পৰা ১১বজা, আৰু নিশা ৮বজাৰ পৰা ১১বজালৈ। উল্লেখ্য যে আজিৰ এই আন্তঃজিলা যাতায়াতৰ এই ব্যৱস্থাটো অতি উচ্চ মানৰ আছিল।

Leave A Reply

Your email address will not be published.