উত্তৰ পূৰ্বাঞ্চলৰ বিমান বন্দৰসমূহৰ উন্নীতকৰণৰ বাবে অসামৰিক বিমান পৰিবহন বিভাগে অহা দুবছৰৰ ভিতৰত পাঁচ হাজাৰ কোটি টকাৰ বিনিয়োগৰ লক্ষ্য স্থিৰ কৰিছে।আজি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উত্তৰ পূৰ্বাঞ্চলৰ আঞ্চলিক কাৰ্যবাহী সঞ্চালক সঞ্জীৱ জিন্দালে এই কথা প্ৰকাশ কৰে।তেওঁ কয় যে গুৱাহাটী বিমান বন্দৰত নতুনকৈ হ’বলগীয়া টাৰ্মিনেলত ভালেসংখ্যক থলুৱা যুৱক যুৱতীয়ে নিয়োগৰ সুবিধা লাভ কৰিব।বিমান পৰিবহন খণ্ডত নিয়োগ লাভ কৰিলে যিকোনো শাখাৰ স্নাতক আৰ্থিকভাৱে অনগ্ৰসৰ ছাত্ৰ-ছাত্ৰীয়ে চণ্ডীগড়ত থকা প্ৰশিক্ষণ কেন্দ্ৰত বিনামূলীয়া প্ৰশিক্ষণ গ্ৰহণ কৰি এই খণ্ডত নিয়োগ লাভ কৰিব পাৰে বুলি তেওঁ প্ৰকাশ কৰে।এই প্ৰশিক্ষণৰ সময়ত ২৯০০ টকাকৈ মাননী লাভ কৰিব বুলিও তেওঁ জানিবলৈ দিয়ে।ইয়াৰ বাবে প্ৰশিক্ষণ কেন্দ্রৰ সঞ্চালকৰ ফোন নম্বৰ ৯৯৭১৬০৭০০৪ ত যোগাযোগ কৰিব পাৰে বুলিও তেওঁ কয়।আনহাতে উত্তৰ-পূবৰ বিমানেৰে পণ্য পৰিবহন খণ্ডত যথেষ্ট সম্ভাৱনা আছে বুলি প্ৰকাশ কৰি তেওঁ অঞ্চলটোত ভালেমান পণ্য পৰিবহন কেন্দ্ৰ স্থাপনৰ ব্যৱস্থা কৰা হৈছে বুলি প্ৰকাশ কৰে।অঞ্চলটোৰ ক’লা চাউল,মছলা,আনাৰসকে ধৰি বিভিন্ন ফল মূল আৰু অৰ্কিডৰ দেশে বিদেশ বৃহৎ চাহিদা আছে বুলি প্ৰকাশ কৰি জিন্দালে বিভিন্ন দুৰণিবটীয়া অঞ্চলৰ লোকসকলকো সমবায় পদ্ধতিত সামগ্ৰী সংৰক্ষণ কৰি বিমানেৰে পৰিবহনৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায়।উত্তৰ-পূৰ্বাঞ্চলৰ আটাইবোৰ বিমান বন্দৰৰ উন্নীতকৰণৰ ব্যৱস্থা অব্যাহত আছে বুলি উল্লেখ কৰি ন ন অঞ্চলৰ সৈতে বিমান যোগাযোগ স্থাপনৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে।
Trending
- NSE Enables Instant Order Acknowledgement in Nanoseconds Across All Segments
- অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচন- ভোটদানৰ হাৰ: ৮৪.৪২শতাংশ
- আম্বেদকাৰ জয়ন্তী উদযাপন
- অসম সহ উত্তৰ পূৱত ভূমিকম্পৰ জোকাৰণি
- গুৱাহাটীৰ মেঘালয় সীমান্ত সংলগ্ন ৰাইজৰ মাজত ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে আৰক্ষীৰ পথ সঞ্চালন অভিযান
- ৭ এপ্ৰিলত সন্ধিয়া ৫:০০ বজাৰ পৰা আৰম্ভ নীৰৱতাৰ সময়
- লেখিকা মণিৰূপা মিশ্ৰৰ ‘অনুভৱৰ কেইটিমান পৃষ্ঠা’ কাব্যগ্ৰন্থ উন্মোচন
- গুৱাহাটীৰ কাষৰীয়া মেঘালয় সীমান্তবৰ্তী পথ আৰু অঞ্চলত আৰক্ষী – প্ৰশাসনৰ ব্যাপক সতৰ্কতা- প্ৰৱেশ পথত চি চি টি ভি স্থাপন
- গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ছাত্ৰ দিৱস উদযাপন
- ৰাণীত বিজেপিৰ নিৰ্বাচনী সভা -এইবাৰৰ নিৰ্বাচন উন্নয়নৰ স্বাৰ্থত নিৰ্বাচন – নীতিন গাডকাৰী