অৰণ্য মানৱৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ লুইতৰ বলুকাত গঢ়ি তুলিছে সেউজীয়া ধৰণী,কিন্তু কোনে?

0 263

মাজুলীৰ আৰু ঢকুৱাখনাৰ কেইজনমান শিক্ষিত যুৱক। তেওঁলোকৰ হাতত নাই , সঞ্চিত পুঁজি কিম্বা ৰজাঘৰীয়া অনুদান।মনৰ দৃঢ়তা আৰু ৰোগাক্ৰান্ত সমাজ-সভ্যতাৰ বাবে কিবা এটা কৰা অদম্য হেঁপাহ।সেই হেঁপাহকে মূলধন হিচাপে লৈ তেওঁলোকে গঢ়ি তুলিছে এক সেউজ সাম্ৰাজ্য। লোকচক্ষুৰ পৰা নিলগে থাকি একান্ত সংগোপনে বৰ লুইতৰ বিশাল বলুকাৰ বুকুত গঢ়ি তুলিছে এক প্ৰকৃতিক সাম্ৰাজ্য। বিশেষকৈ ঢকুৱাখনাৰ বকুলগুৰি অঞ্চলৰ প্ৰচাৰ বিমুখ প্ৰকৃতি সংৰক্ষক মনজিৎ পাতিৰে অৰণ্য মানৱ যাদৱ পায়েঙৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ ঢকুৱাখনা-মাজুলীৰ ২৫ জনমান যুৱকৰ সহযোগত এক সেউজী ধৰণী গঢ়ি তুলিছে।
এই অৰণ্য খন আছে বৰলুইতৰ শুকান বলুকাই চানি ধৰা মাদুৰি চাপৰি আৰু জাবৰচুক বালি চাপৰিত। জানিব পৰা মতে
২০১২ চনৰ পৰা মাজুলীৰ ক্ষীৰোদ পেগু সৈতে ২৫ গৰাকী প্ৰকৃতি প্ৰেমীক একত্ৰিত হৈ প্ৰায় ৬ পুৰা মাটিত প্ৰকৃতিক সাম্ৰাজ্য গঢ়ি তুলিছে।
তেওঁলোকৰ প্ৰচেষ্টাত আৰম্ভ হোৱা “চেভ গ্ৰীণ ৱৰ্ল্ড মিছন প্ৰজেক্ট”ৰ আধাৰত তেওঁলোকৰ পৰিয়ালৰ সমূহ আত্মীয় একোটাকৈ গছপুলি সংৰক্ষণ আৰু প্ৰতিপালনৰ দায়িত্ব লৈছে।সম্প্রতি গোলকীয় উষ্ণতা বৃদ্ধি , ভয়াবহ পৰিবেশ প্ৰদূষণ আৰু প্ৰকৃতি ধ্বংসকৰণৰ কু-প্ৰভাৱ প্ৰতিৰোধৰ বাবে মানৱ সমাজৰ কৰণীয়তা আৰু পাৰিপাৰ্শ্বিক পৰিৱেশ সুৰক্ষাৰ হকে জনসচেতনতা সৃষ্টিত আত্মনিয়োগ কৰিছে।যুৱক কেইজনৰ এই প্ৰচেষ্টা সুদূৰপ্ৰসাৰী হওঁক এন ই ফ’কাচ ডট কমৰ পৰিয়ালে জনাইছে অলেখ শুভকামনা।
বাতৰি যুগুতালে ঢকুৱাখনাৰ পৰা অমৃত বৰাই..

Leave A Reply

Your email address will not be published.