অৰণ্য মানৱ যাদৱ পায়েঙলৈ বিশেষ সন্মান

0 268

কেৱল ভাৰতৰে নহয়,সমগ্ৰ বিশ্বৰে অৰণ্য মানৱ যাদৱ পায়েং হৈ পৰিছে ইউথ আইকন।শেহতীয়া তেখেতে লাভ কৰিছে স্বামী বিবেকানন্দ স্মৃতি কৰ্মযোগী বঁটা২০২০।
 
অলপতে কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদকাৰে পায়েঙক এই বঁটা প্ৰদান কৰে।ইয়াৰ সমান্তৰাল ভাৱে ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বিশিষ্ট সংগীত শিল্পী ৰফতাৰ দিলীন নায়াৰে যাদৱ পায়েঙৰ ছবি অংকিত কৰি ইনষ্টাগ্ৰামত প’ষ্ট দি এনেদৰে লিখিছে -অসমৰ যাদৱ পায়েঙে ১৯৭৯ চনৰ পৰা১৩৬০ হেক্টৰ ভূমিত বনাঞ্চল সৃষ্টি কৰিলে,যাৰ নাম মলাই বনাঞ্চল।তেওঁ এজন প্ৰকৃত উইথ আইকন।
 
উল্লেখযোগ্য যে এই ফটোত বলিউডৰ অভিনেত্ৰী নেহা ধুপীয়া আৰু অন্যান্য অভিনেতা সকলক দেখা গৈছে ।এই ফটোৱে চ’চিয়েল মেডিয়াত ব্যাপক চৰ্চা লাভ কৰিছে।

Leave A Reply

Your email address will not be published.