অৰুণাচলৰ বলুঙ’ত সমন্বয়ৰ বাৰ্তাৰে সুধাকণ্ঠৰ জন্ম জয়ন্তীৰ শুভাৰম্ভ!

0 431

অসম আৰু অৰুণাচল দুয়োখন ৰাজ্যৰ মাজত সাতামপুৰুষীয়া সমন্বয়ক অধিক কটকটীয়া কৰিব অৰুণাচলৰ বলুঙত। সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকীৰ ৮ছেপ্তেম্বৰৰ দিনাই দুয়োখন ৰাজ্যৰ শিল্পী আৰু জনতাই ভূপেনদাক স্মৰণ কৰিব। দুয়োখন ৰাজ্যৰ প্ৰশাসনেও এই সমন্বয়ৰ অনুষ্ঠানটিত যোগদান কৰিব। সংগীত নাটক অকাডেমী বঁটা প্ৰাপক সংগীত শিল্পী অলেন মিণ্ড ডমিনেও যোগদান কৰিব। সুধাকণ্ঠই জীৱনৰ সময়ে সময়ে মধুৰ মূহূত্ব পাৰ কৰা বলুঙৰ এই বাসগৃহৰ চৌহদত অনুষ্ঠিত হব
তেওঁৰ জন্মদিন। আয়োজক সমিতিৰ হৈ পৰিয়ালৰ টনি পাৰ্টিন, মুখ্য উদ্যোক্তা সূৰ্যোদয়ৰ সঞ্চালক অখিল চন্দ্ৰ বৰুৱা, অসম অৰুণাচল সমন্বয় সমিতিৰ মিবম পাৰ্টিন, গুনীন চুতীয়া, শদিয়া শিল্পী সমাজৰ হেমন্ত কুমাৰ দেউৰী, অসীম জোনাক গগৈ, সক্তিয় শিল্পী মঞ্চৰ পূৰ্ণেন্দু দাস আদিয়ে দুয়োখন ৰাজ্যৰ মাজৰ প্ৰেম আৰু ভাতৃত্বৰ এনাজৰী সুধাকণ্ঠৰ জন্মদিনৰ পৰাই যেন অধিক সুদৃঢ়ৰ বাবে প্ৰচেষ্টা চলাইছে।
ভাৰত ৰত্ন,সুধাকন্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰা হ’ব অৰুণাচল প্ৰদেশৰ বলুঙত । আয়োজক সমিতিৰ হৈ সুধাকন্ঠ ড° ভূপেন হাজৰিকাৰ বন্ধু তথা প্ৰাক্তন বিধায়ক, সমাজকৰ্মী প্ৰয়াত গৌৰা পাৰ্টিনৰ পৰিয়ালবৰ্গই সদৰী কৰিছে জন্ম শতবাৰ্ষিকী উদযাপনৰ প্ৰস্তুতিৰ কথা। পাহাৰীয়া ৰাজ্য খনৰ সৈতে সুধাকন্ঠৰ সম্পৰ্কৰ ইতিবৃত্ত প্ৰকাশ কৰি কোৱা হৈছে যে, ১৯২৬ চনত শদিয়াৰ বলুঙ গাঁৱত অৱস্থিত এটা চৰকাৰী সৰু নিবাসত জন্ম হৈছিল ভূপেন দাৰ। সেই সময়ৰ শদিয়াৰ আদি সম্প্ৰদায়ৰ বসতি স্থান বলুঙ গাওঁ খন ১৯৫০ চনৰ বৰ ভু‌ইকপত ব্ৰক্ষ্মপুত্ৰৰ বুকুত জাহ গ’ল। বৰ ভুইকপত বলুঙ গাওঁ ব্ৰক্ষ্মপুত্ৰৰ বুকুত জাহ গলেও, কালৰ বুকুত জাহ নগল ভূপেন দাৰ বলুঙ গাঁৱৰ ভাতৃত্বৰ স্মৃতি। পৰৱৰ্তী সময়ত শদিয়াৰ বলুঙ গাঁৱত বাস কৰা আদি লোক সকল অৰুণাচল প্ৰদেশৰ ৰয়িঙ দিশলৈ আগুৱাই গ’ল। জন্ম সূত্ৰে ভূপেন দাৰ আৰু গৌৰা পাৰ্টিনৰ আত্মীয়ত্ব আজিও চিৰ যুগমীয়া হৈ আছে অৰুণাচল প্ৰদেশৰ বলুঙ গাঁৱত।
ইয়াতেই অৰুণাচল চৰকাৰে ভূপেনদাৰ সুউচ্ছ প্ৰতিমূৰ্তি নিৰ্মাণ কৰি সুধাকণ্ঠলৈ অগাধ শ্ৰদ্ধা জ্ঞাপন কৰিছে। ইতিহাস বিজড়িত এই বলুঙ গাঁৱতে সুধাকন্ঠৰ বন্ধুৰ পৰিয়ালবৰ্গৰ আতিথ্যত আয়োজন কৰিবলৈ স্থিৰ কৰিছে ভূপেন দাৰ জন্ম শতবাৰ্ষিকী। এই উপলক্ষে সূৰ্যোদয়ৰ দেশ অৰুণাচল প্ৰদেশৰ বলুঙ গাঁৱত মাকুমৰ সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান সূৰ্যোদয়, সক্ৰিয় শিল্পী মঞ্চ তিনিচুকীয়া, শদিয়া শিল্পী সমাজ আৰু অসম অৰুণাচল সমন্বয় সমিতিৰ যৌথ উদ্যোগত বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰিবলৈ আয়োজন কৰা হৈছে সুধাকন্ঠৰ জন্ম জয়ন্তী। আয়োজক সমিতিৰ হৈ অৰুণাচলৰ বন্ধু, প্ৰাক্তন বিধায়ক, সমাজকৰ্মী গৌৰা পাৰ্টিনৰ পৰিয়ালবৰ্গৰ আতিথ্যত উদযাপন কৰা হ’ব বুলি প্ৰকাশ কৰিছে । ৮ ছেপ্টেম্বৰত পাহাৰীয়া ৰাজ্য খনৰ ল’ৱাৰ দিবাঙ ভেলী জিলাৰ বলুঙৰ গাঁৱত সুধাকন্ঠৰ জন্ম জয়ন্তী উদযাপন উপলক্ষে আয়োজক সমিতিৰ দ্বাৰা প্ৰকাশিত গোহাৰিত কোৱা হৈছে যে, সূৰ্যোদয়ৰ সৌজন্যত পুৱা অসম অৰুণাচল প্ৰদেশৰ প্ৰচলাইছ তৃত্বৰ এক সুন্দৰ চেলফি পইন্ট উদ্বোধন কৰিব তিনিচুকীয়া জিলা আয়ুক্ত স্বপ্নীল পালে। শদিয়া শিল্পী সমাজ আৰু অসম অৰুণাচল সমন্বয় সমিতিৰ সৌজন্যত সুধাকন্ঠৰ প্ৰতিমূৰ্ত্তি এশ গজি বন্তি প্ৰজ্বলন আৰু স্মৃতি তৰ্পণ আৰু সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে বুলি আয়োজক সমিতিয়ে প্ৰকাশ কৰিছে। মানৱ দৰদী জনতাৰ শিল্পী ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ আতৃত্ব বিজড়িত অৰুণাচল প্ৰদেশৰ বলুঙ গাঁৱৰ এশ বছৰীয়া জন্ম জয়ন্তী উদযাপন অনুষ্ঠানত শদিয়াৰ বিধায়ক বলীন চেতিয়া, অৰুণাচল প্ৰদেশৰ ডামবুক সমষ্টিৰ বিধায়ক পূণ্য আপুম, ল’ৱাৰ দিবাঙ ভেলীৰ জিলা আয়ুক্ত ফাউৰামেন ব্ৰক্ষ্মৰ লগতে দুয়োখন ৰাজ্যৰ শিল্পী আৰু বহুতো গুণমুগ্ধৰ বিশাল সমাবেশ ঘটিব।

Leave A Reply

Your email address will not be published.