গুৱাহাটীৰ পশ্চিম বৰাগাওস্থিত বিজ্ঞান আৰু প্ৰযুক্তিৰ উচ্চ অধ্যয়ন প্ৰতিষ্ঠান চমুকৈ আই এ এছ এছ টিলৈ অসম চৰকাৰৰ বিজ্ঞান প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তনৰ বিভাগে প্ৰতিষ্ঠানটোৱে উচ্চ মানৰ বৈজ্ঞানিক গৱেষণা কামৰ উপৰিও অসমৰ বিজ্ঞানৰ প্ৰসাৰ আৰু প্ৰচাৰ তথা কাষৰীয়া জনগোষ্ঠীয় গাঁওসমূহক দপ্তৰ গাঁও হিচাপে গ্ৰহণ কৰি সেই গাঁওসমূহক উৎকৰ্ষ সাধন আৰু অৱদানৰ বাবে ২০২০ চনৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ ৰাজ্যিক পুৰস্কাৰ প্ৰদান কৰিছে। অসমৰ মূখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু ভাৰত চৰকাৰৰ শিক্ষা বিভাগৰ মন্ত্ৰীয়ে যুটীয়াভাৱে অনুষ্ঠিত গুৱাহাটীস্থিত আই আই টিৰ নৰ্থ ইষ্ট ৰিচাৰ্জ কনক্লেভ ২০২০ উপলক্ষে বিতৰণী সভাত এই বঁটা প্ৰদান কৰে আই এ এছ এছ টিৰ সঞ্চালক অধ্যাপক আশীষ কুমাৰ মূখাৰ্জীক। বঁটা গ্ৰহণ কৰি অধ্যাপক মূখাৰ্জীয়ে কয় যে অসম চৰকাৰৰ এই বঁটাটোৱে অনুষ্ঠানটোত কৰ্মৰত প্ৰত্যেকজন বিজ্ঞানী, গৱেষক ছাত্ৰ-ছাত্ৰী তথা কৰ্মচাৰীক যথেষ্ট উৎসাহ যোগাব আৰু ভৱিষ্যতে অধিক কাম কৰাৰ অনুপ্ৰেৰণা যোগাব। তেখেতে অসম চৰকাৰৰ লগতে ৰাজ্যবাসীক ধন্যবাদ জ্ঞাপন কৰে।
Trending
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন