ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগ ( ডি এছ টি) ৰ অধীনস্থ স্বতন্ত্ৰৰীয় প্ৰতিষ্ঠান গুৱাহাটীৰ পশ্চিম বৰাগাওঁস্থিত ইনষ্টিটিউট অৱ এডভান্সড ষ্টাডি ইন ছায়েন্স এণ্ড টেকন’লজি চমুকৈ আই এ এছ এছ টিত ১৩ আৰু ১৪ নৱেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে তৃতীয় সৰ্বভাৰতীয় বৈজ্ঞানিক আৰু কাৰিকৰী চৰকাৰী ভাষা সন্মিলনখন অনুষ্ঠিত হয় । বন্তি প্ৰজ্বলনৰে দুদিনীয়া কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ পাছত উপস্থিত সকলোকে আদৰণি জনাই আই এ এছ এছ টিৰ সঞ্চালক অধ্যাপক আশীষ কুমাৰ মুখাৰ্জীয়ে । এই উপলক্ষে অনুষ্ঠিত উদ্ধোধনী অনুষ্ঠানত ভাষণ প্ৰসংগত অধ্যাপক মুখাৰ্জীয়ে হিন্দীৰ জৰিয়তে বিজ্ঞানক প্ৰসাৰিত কৰাত গুৰুত্ব আৰোপ কৰি সন্মিলনৰ বৈজ্ঞানিক তাৎপৰ্যৰ বিষয়ে বিশদভাৱে উল্লেখ কৰে।আনহাতে উদ্বোধনী অধিৱেশনত ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ যুটীয়া সচিব এ ধনলক্ষ্মী আৰু গুৱাহাটীস্থ কেন্দ্ৰীয় ৰূপায়ন কাৰ্যালয়ৰ উত্তৰ পূব মণ্ডলৰ সচিব ৰাজীৱ কুমাৰ নায়ক আৰু ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ উচ্চপদস্থ বিষয়াৰ এটা দল সন্মিলনত উপস্থিত আছিল।অনুষ্ঠানত সন্মিলনৰ লগত সংগতি ৰাখি প্ৰকাশিত এখন জাৰ্ণেল উন্মোচন কৰা হয়। আনহাতে দুদিনীয়া সন্মিলনত ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ অধীনৰ বিভিন্ন স্বায়ত্তশাসিত প্ৰতিষ্ঠানৰ প্ৰায় ৫০ জন বিজ্ঞানী, অভিযন্তা, গৱেষণা পণ্ডিতে ভাগ লয়। এই সন্মিলনৰ প্ৰধান উদ্দেশ্য আছিল হিন্দী ভাষাত বৈজ্ঞানিক জ্ঞানৰ প্ৰসাৰক প্ৰসাৰিত কৰা, ইয়াক সাধাৰণ জনতাৰ বাবে সহজ, সুলভ, আৰু আকৰ্ষণীয় কৰি তোলাৰ লগতে বৈজ্ঞানিক প্ৰতিষ্ঠানসমূহৰ মাজত ভাষিক সম্প্ৰীতি শক্তিশালী কৰা। সন্মিলনত অংশগ্ৰহণকাৰীসকলে হিন্দী ভাষাত প্ৰায় ২৫খনৰো অধিক গৱেষণা পত্ৰ উপস্থাপন কৰে।য’ত বৈজ্ঞানিক আৰু কাৰিকৰী যোগাযোগত চৰকাৰী ভাষাৰ প্ৰসাৰ আৰু ফলপ্ৰসূ ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। প্ৰথম দিনাৰ সামৰণি অনুষ্ঠানত ভাগ লৈ ভাষণত ডি এছ টিৰ জ্যেষ্ঠ বিষয়া অৰুণ কানছালে এই অনুষ্ঠানৰ সফলতাৰে আয়োজন কৰাৰ বাবে আই এ এছ এছ টি ,আয়োজক সমিতি আৰু সন্মিলনৰ সমন্বয়ক অধ্যাপক দেৱাশীষ চৌধুৰীক প্ৰশংসনীয় প্ৰচেষ্টাৰ বাবে অভিনন্দন জনায়। তেনেদৰে ১৪ নৱেম্বৰত বিয়লি অনুষ্ঠিত সামৰণি অনুষ্ঠানত অংশগ্ৰহণকাৰী সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়।
Trending
- NSE Strengthens MSME Ecosystem in Jammu & Kashmir Through Strategic MoU
- এইচ ডি এফ চি বেংকে ৫ ডিচেম্বৰত ১৭ সংখ্যক বাৰ্ষিক ৰক্তদান অভিযান আয়োজন কৰিব
- APRINS Launches Skill Development Training Program on GI-Tagged Mizo Chilli Pickle and Banana Chips Making in Sesawng, Mizoram under LIC HFL SANGAM initiative
- এছ এছ বি আন্তঃসীমা বেডমিণ্টন ক্লাষ্টাৰ প্ৰতিযোগিতা – ২০২৫ আৰম্ভ
- National Level IP Yatra Programme to be Held in Shillong on 27th–28th November 2025
- প্ৰয়াত গীতিকাৰ লক্ষ্য বৰকটকীৰ সোঁৱৰণী ৰেডিঅ’ বিতৰণী অনুষ্ঠান সম্পন্ন
- পপ কালচাৰৰ আকৰ্ষণীয় উদযাপনেৰে গুৱাহাটী কমিক কনৰ উদ্ধোধনী অনুষ্ঠান অনুষ্ঠিত
- ওপজা দিনত মালিগাঁৱত অন্তৰংগ আলাপ আৰু গীতে – মাতে জুবিন গাৰ্গক সোঁৱৰণ
- নিচামুক্ত ভাৰত অভিযানৰ পঞ্চম বৰ্ষপূৰ্তি উদযাপন
- আপকুৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস ২০২৫ উদযাপন