আই টি আই গোলাঘাট-এন আৰ এল চেণ্টাৰ অৱ এক্সিলেন্সয়ে ৰাজ্যৰ যুৱকক নিয়োগৰ বাবে কৌশলপূৰ্ণ কৰি তুলিছে

0 277

আই টি আই গোলাঘাট এন আৰ এল চেণ্টাৰ অৱ এক্সিনেন্স ৰ বেল্ডৰ ট্ৰেডৰ-২০১৮-১৯ বৰ্ষৰ মুঠ এঘাৰ গৰাকী পৰীক্ষাৰ্থী ভিতৰত সাত গৰাকীয়ে ইতিমধ্যে চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰে এগৰাকীয়ে জি টেক ইণ্ডাষ্ট্ৰী ,গোলাঘাটৰ চাৰিগৰাকীয়ে ৰাজস্থানস্থিত ২ এফ হোণ্ডা মটৰ চাইকেল এণ্ড স্কুটাৰ, প্ৰা.লিমিটেড আৰু দুগৰাকীয়ে ৰাজস্থান স্থিত মোচাৰ্চ ইণ্ডো এণ্ড বডভেডত চাকৰি লাভ কৰিছে।
 
 
নুমলীগড় শোধনাগাৰ লিমিটেডে ২০১৮ চনৰ ২৯ আগষ্টত অসম চৰকাৰৰ নিয়োগ আৰু ক্ৰাফটমেন প্ৰশিক্ষণ সঞ্চালকালয় সৈতে এক চুক্তি স্বাক্ষৰ কৰি আই টি আই গোলাঘাটক দীর্ঘকালীন লীজত গ্ৰহণ কৰিছে আৰু এই প্ৰতিষ্ঠানক আই টি আই গোলাঘাট এন আৰ এল চেণ্টাৰ অৱ এক্সিলেন্স ৰূপে নামাকৰণ কৰিছে।
আই টি আই গোলাঘাট এন আৰ এল চেণ্টাৰ অৱ এক্সিলেন্স য়ে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ যুৱকসকলক ডি ই চি টিয়ে অনুমোদন কৰা পাঠ্যক্ৰম প্ৰদান কৰে তথা বিশেষকৈ হাইড্ৰকাবন সমম্বিতে ঔদ্যোগিক ক্ষেত্ৰত নিয়োগৰ সম্ভাৱনাৰ বাবে প্ৰয়োজনীয় কৌশল বিকশিত কৰা প্ৰয়াস কৰে।

Leave A Reply

Your email address will not be published.