আই পি এলত অংশ ল’ব ৫ অসম সন্তানে

0 290

চলিত বৰ্ষৰ IPL ত অংশগ্ৰহণ কৰিব অসমৰ ৫ সন্তানে। তেওঁলোক হ’ল লখিমপুৰৰ জিতুমনি কলিতা, নগাঁৱৰ মৃণ্ময় দত্ত, শিলচৰ ৰাহুল সিং, ডিব্ৰুগড়ৰ মুক্তাৰ হুছেইন,ৰিয়ান পৰাগ।
 
 
গুৱাহাটীত অলপতে ৰাজস্থান ৰয়েলছে আয়োজন কৰা এক শিবিৰত তেওঁলোকক নিৰ্বাচন কৰে । অৱশ্যে তেওঁলোকক নেট বাউলাৰ হিচাপেহে নিৰ্বাচন কৰা হৈছে।বেটমেন সকলক তেওঁলোকে বল দিব।
 
 
উল্লেখযোগ্য যে ইয়াৰ ভিতৰত ৰিয়ান পৰাগে ইতিমধ্যে ৰাজস্থান ৰয়েলছত অন্তৰ্ভুক্ত হৈছে। অহা সপ্তাহত এই ৫ গৰাকী খেলুৱৈ মুম্বাইত উপস্থিত হ’ব আৰু তাৰ পৰাই পৰৱৰ্তী সময়ত ডুবাইলৈ ৰাওনা হ’ব ।

Leave A Reply

Your email address will not be published.