ছফ্টৱেৰ টেকনোলজী পাৰ্ক অফ ইণ্ডিয়া চমুকৈ এছ টি পি আইৰ আজাৰাস্থিত গুৱাহাটী কেন্দ্ৰৰ উদ্যোগত বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত থকা হোটেল কিৰণশ্ৰী গ্ৰেণ্ডৰ সভাগৃহত আজি দিনযোৰা কাৰ্যসূচীৰে বিনিয়োগ সম্পৰ্কীয় এখন সন্মিলন ( Investor Connect 3.0 ) অনুষ্ঠিত হয়। দিনৰ ১০ বজাৰ পৰা সন্ধিয়ালৈ অনুষ্ঠিত সন্মিলনখন বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ কৰাৰ পাছত উপস্থিত সকলোকে আদৰণি জনায় সন্মিলনৰ উদ্দ্যেশ্য বাখ্যা কৰে এছ টি পি আইৰ গুৱাহাটী কেন্দ্ৰৰ সঞ্চালক বন্দনা শ্ৰীবাস্তৱে । আনহাতে সন্মিলনত চাৰিটা অগ্ৰণী উদ্যমিতা প্ৰতিস্থান ক্ৰমে – আই আই এম কলকাতাৰ ইন্নোভেনচন পাৰ্কৰ মুখ্য অপাৰেটিং বিষয়া প্ৰাঞ্জল কোঁৱৰ, আলভাভালভ কনচালটেণ্টিং প্ৰাইভেট লিমিটেডৰ সঞ্চালক মনীষ শ্ৰীবাস্তৱ, টি৯এল কিউবৰ ই আই আৰ কুমাৰ সৌৰভ আৰু এছ আই ডি বি আই ভেঞ্চাৰ কেপিটেল লিমিটেডৰ এ ভি পি ৰূপম নাথে ভাগ লৈ এনে ধৰণৰ সন্মিলনত হোৱা মত – বিনিময়ৰ জৰিয়তে নতুনকৈ আই টি ক্ষেত্ৰত জড়িত হব খোজা সকলক উৎসাহিত কৰিব বুলি আশা ব্যক্ত কৰে। বিশেষকৈ নতুনকৈ ষ্টাৰ্টআপ আৰম্ভ কৰিব বিচৰা সকল কেনেদৰে লাভবান হব তাৰ বাখ্যা দাঙি ধৰে। আনহাতে সন্মিলনৰ লগত সংগতি ৰাখি দুখন আলোচনা চক্ৰ অনুষ্ঠিত হয়। আলোচনা চক্ৰত বেংগালুৰুস্থিত কোৱালিটি এণ্ড ৰেগুলাৰিটি কম্পলিয়েন্সৰ টিৰকগ হেলথৰ উপ সভাপতি ডঃ মধু দণ্ডপানী আৰু আগৰতলাস্থিত নেশ্যনেল ইনষ্টিটিউট অৱ টেকনোলজীৰ সহকাৰী অধ্যাপক ডঃ সুমন দেৱ উপস্থিত থাকে । ইয়াৰ উপৰিও সন্মিলনত ভাগ লোৱা কেবাজনো প্ৰতিনিধিয়ে তেওঁলোকৰ ষ্টাৰ্টআপ প্ৰদৰ্শন কৰাৰ লগতে ভৱিষ্যতৰ ৰূপৰেখা দাঙি ধৰে।
Trending
- অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচন- ভোটদানৰ হাৰ: ৮৪.৪২শতাংশ
- আম্বেদকাৰ জয়ন্তী উদযাপন
- অসম সহ উত্তৰ পূৱত ভূমিকম্পৰ জোকাৰণি
- গুৱাহাটীৰ মেঘালয় সীমান্ত সংলগ্ন ৰাইজৰ মাজত ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে আৰক্ষীৰ পথ সঞ্চালন অভিযান
- ৭ এপ্ৰিলত সন্ধিয়া ৫:০০ বজাৰ পৰা আৰম্ভ নীৰৱতাৰ সময়
- লেখিকা মণিৰূপা মিশ্ৰৰ ‘অনুভৱৰ কেইটিমান পৃষ্ঠা’ কাব্যগ্ৰন্থ উন্মোচন
- গুৱাহাটীৰ কাষৰীয়া মেঘালয় সীমান্তবৰ্তী পথ আৰু অঞ্চলত আৰক্ষী – প্ৰশাসনৰ ব্যাপক সতৰ্কতা- প্ৰৱেশ পথত চি চি টি ভি স্থাপন
- গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ছাত্ৰ দিৱস উদযাপন
- ৰাণীত বিজেপিৰ নিৰ্বাচনী সভা -এইবাৰৰ নিৰ্বাচন উন্নয়নৰ স্বাৰ্থত নিৰ্বাচন – নীতিন গাডকাৰী
- কামৰূপ (ম) জিলাত মাইক্ৰ’অৱজাৰভাৰৰ প্ৰশিক্ষণ