সীমান্ত নিৰাপত্তা বাহিনী চমুকৈ বি এছ এফৰ অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনৰ অৱসৰপ্ৰাপ্ত বিষয়া-জোৱান সকলৰ লগতে তেওঁলোকৰ পৰিয়ালৰ লোকৰ যি সকলে পূৰ্বৰ বকেয়া বা এৰিয়াৰ ধন লাভৰ পৰা বঞ্চিত হোৱা, বেংক সংযোগ বা আন কিবা সৰু আনুষংগিক সমস্যাৰ বাবে পেঞ্চন লাভ কৰা নাই তেওঁলোকৰ সমস্যা সমাধানৰ বাবে বাহিনীটোৰ উৰ্ধতম কৰ্তৃপক্ষই বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ অংশহিচাপে পেঞ্চন জনিত সমস্যাৰ সমাধানৰ বাবে আজি আজাৰা পাটগাঁওস্থিত গুৱাহাটী ফ্ৰণ্টিয়াৰ মুখ্য কাৰ্যালয় চৌহদত এক পেঞ্চন আদালতৰ আয়োজন কৰা হয়। আদালত উদ্ধোধন কৰে বাহিনীটোৰ গুৱাহাটী ফ্ৰণ্টিয়াৰ মুখ্য কাৰ্যালয়ৰ ডি. আই.জি আৰু প্ৰিন্সিপাল ষ্টাফ অফিচাৰ আৰ.চি.সিঙে।এই উপলক্ষে অনুষ্ঠিত চমু অনুষ্ঠানত গুৱাহাটী ফ্ৰণ্টিয়াৰৰ কমাণ্ডেন্ট ডাঃ বিনয় কুমাৰ, সহকাৰী কমাণ্ডেন্ট বলজিৎ সিং , পৰিদৰ্শক প্ৰসেন শইকীয়াকে ধৰি কেবাজনো বিষয়া উপস্থিত থাকে। আনহাতে বি. এছ.এফৰ সূত্ৰই সদৰি কৰা অনুসৰি পুৱা ১০ বজাৰ পৰা বিয়লি ৫ বজালৈ অনুষ্ঠিত হোৱা পেঞ্চন আদালতত এছ. বি আইকে ধৰি পেঞ্চনৰ লগত জড়িত কেবাটাও ৰাষ্ট্ৰীয়কৃত বেংকৰ প্ৰতিনিধি উপস্থিত থাকে। তেনেদৰে অসমকে ধৰি উত্তৰ পূবৰ কেবাখনো ৰাজ্যৰ পেঞ্চন জনিত সমস্যা থকা বি.এছ.এফৰ অৱসৰপ্ৰাপ্ত বিষয়া-জোৱান আৰু মৃত বিষয়া-জোৱানৰ বিধবা পত্নীকে পৰিয়ালৰ প্ৰায় ৫০ জনমান লোক উপস্থিত থাকে। আনহাতে উপস্থিত থকা বেছিভাগৰে পেঞ্চনৰ আসোঁৱাহ , সমস্যা সমূহ সমাধানসূত্ৰ উলিয়াই তেওঁলোকক বহু সকাহ দিয়া হয় ।
Trending
- গুৱাহাটী প্ৰেছ ক্লাবত সাপ্তাহিক কবচৰ ২৯ তম্ বৰ্ষপূৰ্তি উদযাপন
- ধাৰাপুৰত ১৫ দিনীয়া গ্ৰীষ্মকালীন নাট কৰ্মশালা আৰম্ভ
- Brahmaputra Conclave on Balancing Development and Ecology Held in Guwahati
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান
- মালামাল বয়জৰ ট্ৰেইলাৰ মুকলি- মুক্তিপূৰ্বেই ব্যাপক চৰ্চা