আজাৰা কাঁহিকুছিৰ এছ আই.পি.আৰ ডিত ই.টি.চিৰ উদ্যোগত শিপিনীক হস্ততাত আৰু বস্ত্ৰশিল্পৰ দক্ষতা বৃদ্ধিৰ প্ৰশিক্ষণ

0 286

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা কাঁহিকুছিস্থিত ৰাজ্যিক গ্ৰামোন্নয়ন আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (এছ.আই. পি.আৰ.ডি) চৌহদৰ সম্প্ৰচাৰণ প্ৰশিক্ষণ কেন্দ্ৰই (ই. টি.চি) বিভাগীয় নিৰ্দেশনা অনুসৰি ৰাজ্যৰ মহিলা শিপিনী সকলৰ দক্ষতা বৃদ্ধিৰ বাবে বিভিন্ন ধৰণৰ প্ৰশিক্ষণ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে । বিশেষকৈ মহিলা আত্মসহায়ক গোট সমূহৰ জৰিয়তে নিৰ্বাচিত মহিলা শিপিনী সকলক তেওঁলোকে যাতে নতুন নতুন কৌশন প্ৰয়োগ কৰি শেহতীয়া প্ৰযুক্তিৰ ডিজাইন তথা আৰ্হিৰে কম সময়, কম মূলধন, কম ঠাইত বৈজ্ঞানিক পদ্ধতিৰে অধিক উৎপাদন কৰি নিজৰ আয় বৃদ্ধি কৰিব পাৰে তাৰ বাবে ই.টি.চিয়ে প্ৰশিক্ষণ প্ৰদান কৰি আহিছে।আনহাতে বিভাগীয় নিৰ্দেশনা অনুসৰি ই.টি.চি চৌহদৰ শিপিনী কেন্দ্ৰত ২৮ ফেব্ৰুৱাৰীৰ পৰা চলি আছে এক ডেৰমহীয়া দক্ষতা বৃদ্ধিৰ প্ৰশিক্ষণ কাৰ্যসূচী। এই কাৰ্যসূচীত চৰাইদেউ জিলাৰ সোনাৰী, হোজাই জিলাৰ হোজাই আৰু কামৰূপ জিলাৰ ৰাণী উন্নয়ন খণ্ডৰ মহিলা আত্মসহায়ক গোটৰ নিৰ্বাচিত ৩০ জনী মহিলা শিপিনীয়ে ভাগ লৈছে। ই.টি. চিৰ অধ্যক্ষ লালৰেম চিয়ামি গামলাইৰ তত্বাৱধানত অনুষ্ঠিত প্ৰশিক্ষণ কাৰ্যসূচীত উপ সঞ্চালক অনুপম দত্ত , গাণনিক হেমেন বৈশ্যকে ধৰি কেবাজনো কৰ্মচাৰীয়ে বিশেষ সহযোগিতা আগবঢ়াইছে,তেনেদৰে শিপিনী সকলক প্ৰশিক্ষণ প্ৰদান কৰিছে ক্ৰমে – প্ৰশিক্ষক ধীৰেশ্বৰ ডেকা, দীপিকা দেৱী মহন্ত, জলিনা পাচ্ছিকা, লাগিনপুইয়া ফৌনায়ে। শিপিনী সকলক গ্ৰাহকৰ ৰুচি অনুসৰি সকলো ধৰণৰ প্ৰশিক্ষণ দি অহা হৈছে। আনকি খানামুখ অঞ্চলৰ জ্ঞানমালিনী বিকশিত মহিলা দলকে ধৰি ওচৰ পাজৰৰ কিছু মহিলা আত্মসহায়ক গোটৰ শিপিনীয়েও মাজে সময়ে ই টি চি চৌহদলৈ আহি শিপিনী সকলৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ বুজ লৈছে। জ্ঞানমালিনী বিকশিত মহিলা দলৰ উপ- সভানেত্ৰী পূৰ্ণিমা কলিতাকে ধৰি কেবাটাও আত্মসহায়ক গোটৰ কর্মকর্তাই সদৰি কৰা অনুসৰি এনে ধৰণৰ প্ৰশিক্ষণ কাৰ্যসূচীয়ে দক্ষতা বৃদ্ধিৰ লগতে তেওঁলোকক একো একো গৰাকী নিপুণ শিপিনী হিচাপে গঢ় দিব আৰু নিশ্চিতভাৱে ইয়াৰ বাবে ই.টি. চি কৰ্তৃপক্ষ ধন্যবাদৰ পাত্ৰ। উল্লেখযোগ্য যে, ডেৰমহীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ অহা ১৩ এপ্ৰিলত সামৰণি পৰিব। ইয়াৰ উপৰিও শিপিনী সকলৰ খোৱা বোৱা, থকা মেলাৰ ব্যৱস্থা সকলোখিনী ই টি চি চৌহদত বিনামূলীয়াকৈ কৰা হৈছে বুলি গাণনিক হেমেন বৈশ্যই জানিবলৈ দিছে।

Leave A Reply

Your email address will not be published.