আজিৰে পৰা সান্ধ্য আইন ঘোষণা

0 345

ক’ৰণা পৰিস্থিতিক লৈ সান্ধ্য আইন ঘোষণা কৰা হ’ল অসমত। কালি ক’ৰণা আক্ৰান্তৰ সংখ্যাই ৩০০০ৰ সীমা স্পৰ্শ কৰাত যাৱতীয় সাৱধানতা অৱলম্বনৰ বাবে সান্ধ্য আইন ঘোষণা কৰে।
অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগে ঘোষণা কৰা এই সান্ধ্য আইন আজি সন্ধিয়া ৮ বজাৰ পৰা জৰুৰীভাৱে কাৰ্যকৰী হ’ব। নিশা ৮ বজাৰ পৰা পুৱা ৫ বজালৈ অসমৰ সকলো জিলাতে কাৰ্যকৰী হ’বলগীয়া সান্ধ্য আইন ১ মে’লৈ চলিব । অৱশ্যে সান্ধ্য আইনৰ মাজতো অত্যাৱশ্যকীয় সেৱা সমূহ চলি থাকিব । আনহাতে আইন অমান্য কৰিলে ধাৰা অনুযায়ী দণ্ড বিহা হ`ব বুলি স্পষ্টভাৱে উল্লেখ আছে।

Leave A Reply

Your email address will not be published.