আজিৰে পৰা ১৩৩ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল

0 64

১৩৩ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতা কাইলৈ পৰা আৰম্ভ হ’ব৷ ভাৰতীয় সেনাই আয়োজন কৰা এছিয়াৰ আটাইতকৈ প্ৰাচীন লগতে বিশ্বৰ তৃতীয় পুৰণি ফুটবল প্ৰতিযোগিতাখনৰ উদ্বোধনী মেচত কাইলৈ কলকাতাৰ মোহন বাগান ছুপাৰ জায়েণ্ট দলে শ্ৰীনগৰৰ ক্লাব ডাউন টাউন হিৰোজ এফ চিৰ বিৰুদ্ধে খেলিব৷ গ্ৰুপ ‘এ’ৰ মেচখন কলকাতাৰ বিবেকানন্দ যুৱভাৰতী ক্ৰীড়াংগনত নিশা ছয় বজাৰ পৰা আৰম্ভ হ’ব৷

উল্লেখ্য যে প্ৰতিযোগিতাৰ বিগত বৰ্ষৰ চেম্পিয়ন আছিল মোহন বাগান৷ ডুৰাণ্ড কাপত খেলিয়ে ছিজনৰ আৰম্ভণি কৰা জ’ছ ফ্ৰেন্সিছকো মলিনাৰ দলে আই এছ এলৰ শ্বিল্ড জয় কৰি ছিজনৰ সফল সামৰণি কৰিছিল৷ এইবাৰো দলৰ লক্ষ্য ডুৰাণ্ডত খেলি ঘৰতে নতুন ছিজনৰ প্ৰত্যাশিত আৰম্ভনি কৰা৷ যোৱা বছৰ দলে ১৭ বাৰৰ বাবে এই প্ৰতিযোগিতাত জয়লাভ কৰি সৰ্বাধিক খিতাপ হস্তগতৰ অভিলেখ গঢ়িছিল৷ জামি মেকলাৰেইন, গ্ৰেগ ষ্টেৱাৰ্ট, এলবাৰ্টো ৰড্ৰীগুৱেজৰে গঠিত মোহন বাগান কাইলৈৰ মেচৰ ফেভাৰিট৷

কিন্তু জন্মৰ চাৰি বছৰ হ’লে ডাউন টাউন হিৰোজ নতুন প্ৰতিভাৰে গঠিত এটা শক্তিশালী দল৷ বিগত বৰ্ষতো দলে ডুৰাণ্ড কাপত খেলিছিল৷ আই লীগত খেলা দলটো অধিনায়ক বাছিত আহমেদে আজি সংবাদ মেলত কয়, ‘ডুৰাণ্ড কাপত খেলাটো আমাৰ বাবে গৌৰৱৰ কথা৷ এয়া কাশ্মীৰৰ জনতাৰ বাবে এক সন্মান৷ সেয়ে আমি সন্মান ৰক্ষাৰ পন লৈয়ে শ্ৰেষ্ঠ খেল খেলিবলৈ দৃঢ়তাৰে সাজু হৈছো৷

এইবাৰ প্ৰতিযোগিতাখনৰ খেল কলকাতাৰ লগতে অসমৰ কোকৰাঝাৰ, মেঘালয়ৰ শ্বিলং আৰু ঝাৰখণ্ডৰ জামছেদপুৰত অনুষ্ঠিত হ’ব৷ জামছেদপুৰ আৰু শ্বিলঙে প্ৰথমবাৰৰ বাবে প্ৰতিযোগিতাখন আয়োজন কৰাৰ দায়িত্ব লাভ কৰিছে৷ আনহাতে, কোকৰাঝাৰত ক্ৰমাগত দ্বিতীয় বৰ্ষৰ বাবে তথা অসমত তৃতীয়বাৰলৈ অনুষ্ঠিত হ’ব ঐতিহাসিক ডুৰাণ্ড কাপ৷ প্ৰতিযোগিতাৰ ফাইনেল খেলখন ৩১ আগষ্টত কলকাতাৰ বিবেকানন্দ যুব ভাৰতী ক্ৰীড়াংগনত অনুষ্ঠিত হ’ব৷

প্ৰতিযোগিতাত অংশ লোৱা মুঠ ২৪ টা দলক ছটা গ্ৰুপত ভাগ কৰা হৈছে৷ চাৰিটা দল থকা প্ৰতিটো গ্ৰুপৰ পৰা শীৰ্ষ দলটো আৰু দুটা শ্ৰেষ্ঠ দ্বিতীয় স্থানৰ দলে নকআউট পৰ্যায়লৈ যোগ্যতা অৰ্জন কৰিব৷ কলকাতাত তিনিটা গ্ৰুপৰ খেল অনুষ্ঠিত হোৱাৰ বিপৰীতে কোকৰাঝাৰ, শ্বিলং আৰু জামছেদপুৰে এটাকৈ গ্ৰুপ মেচ আয়োজন কৰিব৷ এইবাৰ ডুৰাণ্ড কাপৰ সকলো মেচ চনী স্প’ৰ্টছ নেটৱৰ্কত লাইভ সম্প্ৰচাৰৰ লগতে চ’নীলিভ অ’টিটি প্লেটফৰ্মত লাইভ ষ্ট্ৰীম কৰা হ’ব৷

Leave A Reply

Your email address will not be published.