আজিৰ খবৰ

0 330

অসমত সৃষ্টিশীল লিখকৰ অভাৱ হৈছে। মাতৃ ভাষাৰ চৰ্চা কমিছে। মাতৃভাষা নিশিকিলে সংস্কৃতিৰ পৰা ওলাই যায়। এই মন্তব্য বিশিষ্ট সমাজ কৰ্মী শংকৰ দাসৰ। আজি দিছপুৰ প্ৰেছ ক্লাবৰ তৃতীয় বৰ্ষপুৰ্তি উপলক্ষ্যে আয়োজন কৰা এক অনুষ্ঠানত এই মন্তব্য কৰে। এই অনুষ্ঠানত অসম সাহিত্য সভাৰ পৰমানন্দ ৰাজবংশী উপস্থিত থাকি মন্তব্য কৰে যে চৰকাৰে চৰকাৰী নীতিৰ আওতাত মাতৃভাষা ব্যৱহাৰ কৰাটো বাধ্যতামূলক কৰিব লাগে।অসম সাহিত্য সভা এটা জাতীয় অনুষ্ঠান। ই কোনো ভাষা ভাষীৰ পৰিসৰত আবদ্ধ নহয়। সাহিত্য সভাই অসমীয়া মাতৃভাষা প্ৰসাৰৰ বাবে চুবুৰীয়া ৰাজ্যত গৈ এলানি কাৰ্যসূচী গ্ৰহণ কৰিব। উল্লেখযোগ্য যে অসমৰ সংবাদ, সাহিত্য ক্ষেত্ৰত বিশেষভাৱে অৱদান যোগোৱা ২০ জন ব্যক্তিক সমৰ্দ্ধনা জনায। স্মৰ্তব্য যে এই অনুষ্ঠানত দিছপুৰ প্ৰেছ ক্লাবে প্ৰতি বছৰে এনেদৰে উৎসাহ জনোৱাৰ বাবে অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে।

মহিলাৰ মৰ্য্যদা, স্বভিমান সুনিশ্চিত কৰাৰ বাবে ১৮১ সেৱা আৰম্ভ কৰা হৈছে। এই সেৱাৰ আওতাত স্বেচ্ছাসেৱী সংগঠন, আইনজ্ঞ, প্ৰশাসনৰ ব্যক্তি জৰিত আছে। পুৱা ৯ বজাৰ পৰা ৫ বজালৈ মুকলি থকা এই সেৱা ২ মাহৰ ভিতৰতে অচিৰেই ২৪ ঘন্টাৰ বাবে সুবিধা উপলব্ধ হ’ব। কামৰূপ, যোৰহাট, কাছাৰ , ১৮১ সেৱা কাৰ্য্যকৰী হ’ব। মহিলাসকলে যিকোনো বিপদৰ সময়ত ১৮১ নম্বৰত যোগাযোগ কৰিব পাৰে। মহিলাৰ অপৰাধ জনিত গোচৰ সমূহৰ বাবে ব্যৱস্থা ল’বলৈ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক পত্ৰযোগে আহ্বান জনোৱাৰ কথা জানিবলৈ দি কয় যে প্ৰশাসনকো সজাগতামূলক সভা অনুষ্ঠিত কৰিবলৈ আহ্বান জনাইছো। ইয়াৰ মূল কথা এয়ে যে অসমৰ বুকুত থকা সাতামপুৰুষীয়া নীতি যাতে অটুট থাকে। এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। আজি জনতা ভৱনত আয়োজন কৰা ১৮১ সেৱা মুকলি অনুষ্ঠানত সমাজ কল্যাণ বিভাগৰ বিষয়াৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.