ৰসৰাজৰ পৰিয়ালৰ কিছু কথা

0 286

ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা কোন আৰু তেখেতে অসম, আৰু অসমীয়া সমাজৰ কাৰণে কি বৰঙণি আগবঢ়াইছে নকৈ দোহৰাৰ প্ৰয়োজন নাই যদিও বৰ্ত্তমান সময় পৰিস্থিতিৰ তাগিদাত লক্ষ্মীনাথ বেজবৰুৱাক সুঁৱৰি একলম নিলিখি নোৱাৰিলো ৷ যোৱা ২৬ মাৰ্চত কলাক্ষেত্ৰত অনুষ্ঠিত হোৱা লক্ষ্মীনাথ বেজবৰুৱাৰ সংগ্ৰহালয় উন্মোচন অনুষ্ঠানত উপস্থিত আছিলো ৷ উপস্থিত থাকি এটা কথা অনুভৱ কৰিছিলো লক্ষ্মীনাথ বেজবৰুৱাৰ আদৰ্শ চিন্তা ধাৰা, সপোনৰ কিছু হ’লেও অৱক্ষয় ঘটিছে ৷ যাৰ ফলশ্ৰুতিত অসমীয়া জাতিটো দিনে দিনে সংখ্যালঘু জাতি হিচাপে পৰিণত হোৱাৰ উপক্ৰম হৈছে ৷ অসমীয়া ভাষা, সাহিত্য চৰ্চা কৰাটো যেন কাম নথকা মানুহৰ কাম হৈ পৰিছে ৷ আচলতে আমি আমাৰ মানসিকতা সলনি কৰিব লাগিব ৷ ইতিহাসৰ পাত যদি লুটিয়াই চাও তেনেহ’লে এই কথা দৃষ্টি গোচৰ হ’ব যে পৃথিৱীৰ কম সংখ্যক মানুহে প্ৰথমে কোনো ভাল কামৰ প্ৰতি অগ্ৰসৰ হয় ৷ আৰু সেই ভাল কামৰ গুৰি ধৰা মানুহৰ যদি স্থিতি সবল আৰু লক্ষ্য যদি স্থিৰ হয় , পৃথিৱীৰ ইতিহাস সলনি কৰিব পাৰে ৷ কথাষাৰ অসমীয়া ভাষা- সাহিত্য সংস্কৃতি বৰ্তি থকা এই জটিল সন্ধিক্ষণত বাৰুকৈয়ে প্ৰযোজ্য হৈছে ৷ বহুসময়ত আমি মেলে মিটিঙে অথবা ৰাজপথত জনসমাগমৰ আগত ডাঙৰ ডাঙৰ কথা কওঁ, ভাষা সাহিত্য ৰক্ষাৰ নিমিত্তে অনুষ্ঠান পাতো কিন্তু কিমান সংখ্যক আমাৰ শিপাটো বিচাৰি অথবা শিপাক জীয়াই ৰক্ষাৰ কামত আগবাঢ়ো এইটো বিচাৰ্য বিষয় হৈ পৰিছে ৷
তিচাৰণ অনুষ্ঠানত লগ পোৱা লক্ষ্মীনাথ বেজবৰুৱাৰ আজোনাতি সত্যকাম বেজবৰুৱাই লক্ষ্মীনাথ বেজবৰুৱাৰ সমল সমূহ সংৰক্ষণৰ ক্ষেত্ৰত দুখেৰে এনেদৰে কয়- বাঁহী প্ৰেছটো বৰ্ত্তমান ধ্বংসৰ গৰাহত ৷ বহু চেষ্টা কৰিও বাঁহী প্ৰেছটো ৰক্ষা কৰিব নোৱাৰিলো ৷ শুনিছো বোলে বাঁহী প্ৰেছটো থকা ঠাইখিনিত চিনেমা হল হ’ব ৷ এজন পুৰুধা ব্যক্তিৰ সমল, অসমৰ সমল সংৰক্ষণৰ দায়িত্ব কেৱল পৰিয়ালৰ লোকৰে আছিলনে সকলোৰে আছিল! অসমৰ সমূহ জনসাধাৰণে যদি প্ৰত্যেকেই এটকা কৈও দিয়ে নিশ্চয়কৈ বাঁহী প্ৰেছে পুনৰ প্ৰাণ পাই উঠিব ৷ এতিয়াও শিৱসাগৰৰ দীননাথ বেজবৰুৱাৰ পথত লক্ষ্মীনাথ বেজবৰুৱাই সাঁতোৰা, বৰশী বোৱা পুখুৰীটো পৰিতক্ত অৱস্থাত আছে ৷ কলাক্ষেত্ৰ সমাজে শেহতীয়াকে লোৱা পদক্ষেপৰ বাবে নথৈ আনন্দিত হৈছো ৷ আশা কৰিছো ইয়াৰ জৰিয়তে নৱ প্ৰজন্মই ৰসৰাজৰ সম্পৰ্কে গৱেষণা কৰাৰ সমল বিচাৰি পাব ৷ এয়া আছিল লক্ষ্মীনাথ বেজবৰুৱাৰ বংশধৰ সত্যকাম বৰুৱাৰ মন্তব্য ৷ বৰ্ত্তমান সময়ত বহু অনুষ্ঠান প্ৰতিষ্ঠান তথা চৰকাৰৰ স্থিতিলৈ আগ্ৰহৰে অপেক্ষা কৰা পৰিয়ালটোৰ কথা কিদৰে বিভাগীয় কৰ্তৃপক্ষই গুৰুত্ব সহকাৰে ল’ব, লক্ষ্যণীয় হৈ ৰ’ব ৷

Leave A Reply

Your email address will not be published.