তিনিটা বিশেষ খবৰ

0 263

বাজক দবা, বাজক শংখ
বাজক মৃদং, খোল
অসম আকৌ উন্নতিৰ পথত
জয় আই অসম বোল।

IMG-20180327-WA0010-600x400
শংখ, দবাৰ জয়ধ্বনিৰে আপ্তবাক্য শাৰীৰে মুকলি হ’ল লক্ষ্মীনাথ বেজবৰুৱাৰ সংগ্ৰহালয়। কলাক্ষেত্ৰত কালি সংগ্ৰহালয়টো আনুষ্ঠানিকভাৱে মুকলি কৰে মন্ত্ৰী নৱ কুমাৰ দলে। সংগ্ৰহালয়টো মুকলি কৰি মন্ত্ৰী গৰাকীয়ে কয় যে ইয়াৰ জৰিয়তে নতুন প্ৰজন্মই সাহিত্যৰথীৰ বিষয়ে বিশদভাৱে জানিব পাৰিব। উল্লেখযোগ্য যে ৮০ সংখ্যক স্মৃতি দিৱসৰ লগত সংগতি ৰাখি সংগ্ৰহালয়টো উন্মোচন কৰে। অনুষ্ঠানত বহু কেইজন বিশিষ্ট ব্যক্তিয়ে লক্ষ্মীনাথ বেজবৰুৱাৰ স্মৃতিচাৰণ কৰে। লক্ষ্মীনাথ বেজবৰুৱাৰ সংগ্ৰহালয়টো বেজবৰুৱৰ জীৱনৰ লগত সম্বলিত সমূহ সমল সংৰক্ষণ কৰা হৈছে। এই অনুষ্ঠানত লক্ষ্মীনাথ বেজবৰুৱাৰ আজুনাতি সত্যকাম বেজবৰুৱা উপস্থিত থাকে।

IMG-20180327-WA0008-600x400

স্বচ্ছ ভাৰত গ্ৰামীণ অভিযানৰ অন্তৰ্গত “মিছন সম্ভৱ” নামৰ এক অভিযান মুকলি কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। মৰিগাঁও জিলাৰ মায়ং খণ্ডৰ নেলী গাঁও পঞ্চায়তত কালি এই আঁচনিৰ শুভাৰম্ভ হয়। জানিব পৰা মতে শীঘ্ৰে দুখীয়া লোক সকলৰ বাবে এক লাখ শৌচালয় নিৰ্মাণ আৰম্ভ হ’ব।

IMG-20180327-WA0007-700x384

আনহাতে চি এছ এক্সিকিউটিভ আৰু চি এছ প্ৰফেচনেল প্ৰগ্ৰেমৰ বাবে আই চি এছ আই য়ে নতুন ছিলেবাছ মুকলি কৰিছে। কালি নেডফিত আয়োজন কৰা এক সংবাদ মেলত অধ্যক্ষ চি এছ মকৰণ্ড লেলেই কয় যে আই চি এছ আই এ সদায়ে বিদ্যাৰ্থী সকলক সৰ্বোত্তম জ্ঞান প্ৰদান কৰিবলৈ সময়ে সময়ে ছিলেবাছ পুনৰীক্ষণ কৰি আহিছে। ছিলেবাছৰ অন্তৰ্গত থকা ক’ৰ্ছ সমূহ হৈছে একাউণ্টছ, ফাইনেন্স, টেক্লেচন, ইকনমিক, বিজিনেছ এণ্ড কমাৰ্চিয়েল আইন আৰু বিজিনেছ এণ্ড ফাইনেন্সিয়েল মেনেজমেণ্ট। জানিব পৰা মতে ৫৩,০০০ ৰো অধিক সদস্যৰ লগতে ৪ লাখৰো অধিক বিদ্যাৰ্থী আই চি এছ আইত আছে।

Leave A Reply

Your email address will not be published.