আজিৰ খবৰ

0 248

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ ৰাষ্ট্ৰীয় সমিতি গেষ্ট্ৰএণ্টেৰ’লজি জেনেৰেল মেডিচিন আৰু পেডিয়ট্ৰিক বিভাগৰ চুপাৰ স্পেচিয়েলিটি চিকিৎসা শিক্ষা আৰম্ভ কৰাৰ বাবে এপল’ হস্পিটাল গুৱাহাটীক স্বীকৃতি প্ৰদান কৰিছে। হস্পিটালে জেনেৰেল মেডিচিনৰ লগতে পেডিয়ট্ৰিক বিভাগত এখনকৈ মুখ্য ডি এন বি আসন, গ্ৰেষ্ট বিভাগত মুখ্য দুখন আসন আৰু পেডিয়ট্ৰিক বিভাগৰ বাবে এখন গৌণ আসন আৰম্ভ কৰিছে। উল্লেখযোগ্য যে এপল’ হস্পিটাল গুৱাহাটীয়ে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত পোন প্ৰথম বাৰৰ কাৰণে গ্ৰেষ্ট বিভাগত স্পেচিয়েলিটি শিক্ষাদান কৰাৰ সুযোগ লাভ কৰিছে।

সুগন্ধীৰ ব্যৱসায়েৰে আন্তৰ্জাতিক জগতত প্ৰতিষ্ঠিত আজমল পৰিয়ালৰ তৃতীয় প্ৰজন্মৰ জ্যেষ্ঠতম সন্তান আব্দুল্লাহ আজমল বিখ্যাত আলোচনী ফ’ৰ্বছৰ দ্বাৰা সন্মানিত হৈছে। ফ’ৰ্বছয়ে মধ্য প্ৰাচ্যত ব্যৱসায় কৰা এশজন শীৰ্ষ ভাৰতীয় উদ্যোগপতিৰ তালিকাত আব্দুল্লাহ আজমলক স্থান দিয়ে আৰু সেই হিচাপে ৮ মে’ৰ দিনা ডুবাইত এক আড়ম্বৰপুৰ্ণ অনুষ্ঠানত সম্বৰ্ধনা জনায়। মধ্যপ্ৰাচ্যত টপ ১০০ বিজনেছ লিডাৰ’ সন্মান গ্ৰহণ কৰি আব্দুল্লাহ আজমলে আনন্দিত হৈ পৰে। ইফালে বিদেশৰ মাটিত ডাঙৰ-দীঘল হৈ শিক্ষাগ্ৰহণ কৰা পৰিয়ালৰ তৃতীয় প্ৰজন্মৰ সন্তানে দিয়া অসমীয়া পৰিচয়ক লৈ সাংসদ বদৰুদ্দিন আজমলে সন্তুষ্টি প্ৰকাশ কৰি টুইটাৰ যোগে কৃতজ্ঞতা প্ৰকাশ কৰে।

ছাদিকুজ জামান মোৰাঝাৰ

Leave A Reply

Your email address will not be published.