আজিৰ তিনিটা বিশেষ খবৰ

0 239

আজি গুৱাহাটীৰ ৱালপৰ্টত লেনীন ক্লাৱৰ প্ৰথম খন ষ্টৰ মুকলি কৰা হয়। ষ্টৰখন আনুষ্ঠানিক ভাৱে মুকলি কৰে অভিনেত্ৰী ৰবিনা টেণ্ডনে। লেনীনৰ ষ্টৰ খন মুকলি কৰি অভিনেত্ৰী গৰাকীয়ে কয় যে লেনীন এনেকুৱা এটা বেণ্ড যাৰ কাপোৰ গৰম আৰু ঠাণ্ডাত সমানে ব্যৱহাৰ কৰিব পাৰি। মই লেনীনৰ কাপোৰ ব্যৱহাৰ কৰো। লেনীন খুব ভাল বেণ্ড। লগতে গুৱাহাটীলৈ আহি অনুভৱ ব্যক্ত কৰি কয় যে খুবেই ভাল লাগিছে। ইয়াত সেউজীয়া পৰিবেশ আজিও বৰ্তি আছে। উন্নয়নৰ মাজেৰে সেউজকৰণ ধৰি ৰাখিবলৈ সক্ষম হোৱা বাবে ভাল লাগিছে। অসমলৈ দমন চিনেমাৰ শ্বুটিংৰ সময়ত আহিছিলো। অসমলৈ আহিলে অসমৰ পৰা বহুত বস্তু লৈ যাও। বিশেষকৈ চাদৰ মেখেলা লৈ যাও। অসমৰ ছিল্ক আৰু লেনীন মিক্স ডিজাইনৰ কাপোৰ লেনীন বেণ্ডত উপলব্ধ। উল্লেখযোগ্য যে আজিৰ উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি ফেশ্বন শ্ব’ আৰু বাইক ৰেলী অনুষ্ঠিত হয়।

 

আনহাতে প্ৰদূষণৰ ভয়াবহতাই সৰ্বত্ৰে চানি ধৰা ক্ষণত দেশৰ বিভিন্ন ঠাইত পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ অংশস্বৰূপে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো আজি অনুষ্ঠিত হ’ল ইলেট্ৰিক মবিলিটি সমাৰোহ। দিন যোৰা কাৰ্য্যসূচীৰে খানাপাৰাৰ ষ্টাফ কলেজত অনুষ্ঠিত হোৱা সমাৰোহত উপস্থিত থাকি পৰিবহন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে ইলেট্ৰিক মবিলিটি ব্যৱস্থাৰ সম্পৰ্কে জনায়। লগতে কয় যে প্ৰদূষণ নিয়ন্ত্ৰণ কৰাৰ বাবে এই ব্যৱস্থা কৰা হৈছে। গুৱাহাটীৰ লগতে গুৱাহাটী সংযোগী মুখ্য চহৰত এই ব্যৱস্থা কৰা হ’ব বুলি জানিবলৈ দিয়ে। আনহাতে অসম ৰাজ্যিক পৰিবহন বিভাগৰ সঞ্চালক আনন্দ প্ৰকাশ তিৱাৰীয়ে কয় যে অচিৰেই ১৫ খন ইলেট্ৰিক বাছ সেৱা আৰম্ভ হ’ব। দ্বিতীয় পৰ্য্যায়ত ৩০ খন ইলেট্ৰিক বাছৰ ব্যৱস্থা কৰা হ’ব। উল্লেখযোগ্য যে সমাৰোহখনত বিভিন্ন উদ্যোগৰ বিষয়ববীয়া সকলে অংশগ্ৰহণ কৰে। 

ইফালে অসম প্ৰকাশন পৰিষদৰ পৰিসৰ বিস্তাৰৰ উদ্দেশ্যে পৰিষদৰ তৰফৰ পৰা ৰাজ্য বিভিন্ন প্ৰান্তত মাণ্ডলিক তথা শাখা কাৰ্য্যালয়ত স্থাপন কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্ৰাচাৰ্যৰ অধ্যক্ষতাত অলপতে যোৰহাটত মাণ্ডলিক কাৰ্য্যালয়ত স্থাপনৰ সিদ্ধান্ত কৰে। সেই সিদ্ধান্ত কাৰ্যকৰণৰ বাবে অলপতে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই মাণ্ডলিক কাৰ্যালয় স্থাপনৰ বাবে জিলা উপায়ুক্তক লগ ধৰি প্ৰয়োজনীয় ভূমি আৱণ্টন দিবলৈ অনুৰোধ জনায়।

Leave A Reply

Your email address will not be published.