আজিৰ দিনটোৰ দুটা গুৰুত্বপূৰ্ণ খবৰ

0 224
2
আজি নিযুক্তি পত্ৰ পালে ৬১৭২ গৰাকী টেট শিক্ষকে। খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেল পথাৰত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত শিক্ষামন্ত্ৰী গৰাকীয়ে এই নিযুক্তি পত্ৰ বিতৰণ কৰে। লগতে ঘোষণা কৰে অহা ৮ চেপ্তেম্বৰত ১০,০০০ গৰাকী প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰা হ’ব। এই অনুষ্ঠানৰ সমান্তৰালকে নৱনিযুক্তি শিক্ষক সকলক এলানি প্ৰশিক্ষণ প্ৰদান কৰে। অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল উপস্থিত থাকি মন্তব্য কৰে যে অতি শীঘ্ৰে বিভিন্ন বিভাগত ৩০,০০০ গৰাকী নিবনুৱাক নিযুক্তি প্ৰদান কৰা হব।
3
আন এটি গুৰুত্বপূৰ্ণ খবৰ ভাৰতীয় বক্সিংলৈ পুনৰ সুখবৰ। বিশ্ব বক্সিং চেম্পিয়নশ্বিপত গৌৰৱ বিধুৰীয়ে প্ৰথমটো ৱাইল্ড কাৰ্ড লাভ কৰাৰ মাত্ৰ কেইটামান দিন পিছতেই আন্তঃৰাষ্ট্ৰীয় বক্সিং সংস্থা চমুকৈ আইবাৰ অধ্যক্ষ ড. ছিং কুঅ’ ৱ’ই অহা নৱেম্বৰ মাহত গুৱাহাটীত অনুষ্ঠিতব্য বিশ্ব মহিলা যুৱ বক্সিং চেম্পিয়নশ্বিপত উপস্থিত হোৱাৰ প্ৰতিশ্ৰুতি দিছে।
আজি বক্সিং ফেডাৰেশ্যন অৱ ইণ্ডিয়াৰ সভাপতি অজয় সিঙে কয়, ‘‘এয়া আমাৰ বাবে প্ৰকৃততেই এক আনন্দৰ বিষয়। ইয়েই প্ৰমাণ কৰে যে বিশ্বৰ বক্সিং ক্ষেত্ৰখনে আমাক পুনৰ শক্তিধৰ হিচাপে গ্ৰহণ কৰিছে। এতিয়া ইয়াৰ পৰা আমি মাথো সাফল্যৰ পথ চুমিব পাৰো।’’
ভাৰতে ইতিমধ্যেই অহা ২০২১ চনত নতুন দিল্লীত হ’বলগীয়া বিশ্ব চেম্পিয়নশ্বিপ আয়োজনেৰে বিশ্বত সমীহ আদায় কৰিবলৈ সক্ষম হৈছে।
এক বিবৃতিযোগে জনোৱা মতে, বক্সিং ফেডাৰেশ্যন অৱ ইণ্ডিয়াই অসমৰ মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালৰ হৈ আইবাৰ অধ্যক্ষ ড. চিং কুঅ’ ৱ’ক এখন গামোচা, এশিঙীয়া গড়ৰ প্ৰতিমূৰ্তি অৰ্পন কৰাৰ লগতে বিশ্ব মহিলা যুৱ বক্সিং চেম্পিয়নশ্বিপৰ বাবে আনুষ্ঠানিক নিমন্ত্ৰণী পত্ৰ প্ৰদান কৰে।
 
1
অজয় সিংৰ নেতৃত্বত শেহতীয়াকৈ আৰম্ভ হোৱা এনে শক্তিশালী পদক্ষেপৰ ভূয়সী প্ৰসংশা কৰি আইবাৰ অধ্যক্ষগৰাকীয়ে নিমন্ত্ৰণী পত্ৰ গ্ৰহণ কৰি গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাখনত উপস্থিত থকাৰ প্ৰতিশ্ৰুতি দিয়ে।
বিএফআইৰ সভাপতি অজয় সিঙে লগতে কয়, ‘‘আমাৰ নিমন্ত্ৰণী পত্ৰ গ্ৰহণ কৰাৰ বাবে মই ড. কুঅ’ ৱ’ক অশেষ ধন্যবাদ জনাইছো। এই খবৰে আমাৰ চেম্পিয়নশ্বিপখনক নিসন্দেহে এক বিশেষ মাত্ৰা প্ৰদান কৰিব আৰু এই ছেগতে আমাৰ দেশত এনে বৃহৎ অনুষ্ঠানৰ আয়োজন কৰাৰ বাবে আমাৰ সামৰ্থ্য থকাৰ কথা আইবাৰ সমূখত প্ৰদৰ্শন কৰাৰো সুযোগ লাভ কৰিম।’’
বিএফআইৰ সভাপতিগৰাকীয়ে লগতে কয়, ‘‘মই নিশ্চিত যে এই গুৱাহাটীক ভাৰতৰ ক্ৰীড়া ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালৰ যি দৰ্শন বা লক্ষ্য তাক এই বৃহৎ আয়োজনে এক শক্তিশালী দিশ প্ৰদান কৰিবলৈ সক্ষম হ’ব।’’
উল্লেখ্য যে বিগত আঠ মাহত বিএফআইয়ে বক্সিং ক্ষেত্ৰখনক কেৱল ঘৰুৱা দিশটোতেই শক্তিশালী কৰি তোলাই নহয়, বৰঞ্চ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো এক বলিষ্ঠ খোজ পেলাবলৈ সক্ষম হৈছে। ইতিমধ্যেই আঠগৰাকীকৈ বক্সাৰে বিশ্ব চেম্পিয়নশ্বিপত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ সক্ষম হৈছে, ইয়াৰে তিনিগৰাকী বক্সাৰে কোৱাৰ্টাৰ ফাইনেল পৰ্যায়তো উপনীত হৈছে। পূৰ্বৰ বিজেন্দৰ সিং, বিকাশ কৃষণ আৰু শিৱ থাপাৰ পিছত আন এক পদক প্ৰত্যাশী হিচাপে আগুৱাইছে ভাৰতৰ গৌৰৱ বিধুৰী।
Leave A Reply

Your email address will not be published.