আজিৰ দুটা গুৰুত্বপূৰ্ণ খবৰ

0 187

শ্ৰমিকৰ নিৰাপত্তা তথা জীৱন সুনিশ্চিত কৰিবলৈ শ্ৰমিক কল্যাণ পৰিষদে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে। ইয়াৰ মূল কাৰণ হ’ল দেশ নিৰ্মাণৰ অন্যতম হোতা শ্ৰমিক সকলে আজিও প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হৈ আছে। প্ৰকৃততে শ্ৰমিক এজনে কাকো অন্যায় নকৰে। শ্ৰমিককেহে বেলেগে অন্যায় কৰে। যাৰ বাবে অধিকাংশ শ্ৰমিকে হীনমান্যতাত ভোগা দেখা যায়। আচলতে ক’বলৈ গ’লে আমাৰ সামাজিক ব্যৱস্থাৰ পৰিপ্ৰেক্ষিতত এনে অসমতা দৃষ্টি গোচৰ হয়। এই মন্তব্য মন্ত্ৰী পল্লৱ লোচন দাসৰ। আজি নেডফি হাউচত অসম গৃহ নিৰ্মাণ উন্নয়ন পৰিষদৰ অধীনত অনুষ্ঠিত হোৱা দক্ষতা বিকাশৰ এক আঁচনি উন্মোচন কৰি এই মন্তব্য কৰে। উল্লেখযোগ্য যে পুৱেৰুণ কনচ’ৰটিয়াম অৱ কোম্পানীয়ে নিৰ্মাণৰত ৯০০ শ্ৰমিকক প্ৰশিক্ষণ দিব। জানিব পৰা মতে অসমত বৰ্ত্তমান পঞ্জীয়নকৃত শ্ৰমিকৰ সংখ্যা ১ লাখ ৩০ হাজাৰ।

এই আঁচনিৰ অধীনত শ্ৰমিকৰ পে়ঞ্চন, বীমা, স্কলাৰশ্বীপ সকলো অন্তৰ্ভূক্ত হৈ আছে। একো একোজন শ্ৰমিকে কৰ্মৰত অৱস্থাত দূৰ্ঘটনাবশত মৃত্যু হ’লে প্ৰায় ৪.৫লাখ টকা পৰ্যন্ত লাভ কৰিব। প্ৰসূতিকালীন চিকিৎসাৰ বাবদত ২০,০০০ টকাকৈ পোৱাৰ বিপৰীতে প্ৰতি মাহে ২০০০ টকাকৈ পেঞ্চন পোৱাৰ সুবিধা আছে। আনহাতে শ্ৰমিকৰ সন্তানৰ ছাত্ৰবৃত্তিৰ বাবদত প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম লৈকে অধ্যয়ন কৰা ছাত্ৰজনে নুন্যতম ১৫০০ টকা পাব। লগতে উচ্চ শিক্ষা বাবে ২০,০০০ টকা পৰ্যন্ত ছাত্ৰবৃত্তি লাভ কৰিব। কালিৰে পৰা টিহু, মংগলদৈ, ৰঙিয়া আৰু গুৱাহাটী ৩ মাহৰ বাবে প্ৰশিক্ষণ আৰম্ভ হ’ব। আজিৰ অনুষ্ঠানটোত শ্ৰম আয়ুক্ত তপন কুমাৰ শৰ্মা, অনুসুয়া দত্ত বৰুৱাৰ লগতে বহু কেইজন ব্যক্তি উপস্থিত থাকে।

আনহাতে উত্তৰ পূৰ্বাঞ্চলৰ অগ্ৰণীয় চিমেণ্ট নিৰ্মাতা প্ৰতিষ্ঠান টপচেম চিমেণ্টে পূৰ্বৰ দৰে অসমীয়া হেপাহৰ ব’হাগ বিহুটি বৃদ্ধাবাস, প্ৰতিৱন্ধী শিশু তথা অন্যান্য সংস্থাসমূহৰ লগত উদযাপনৰ পৰিকল্পনা কৰিছে। ইতিমধ্যে অ’ল্ডএ’জ হোম, বিৰুবাৰীৰ শিশু সাৰথি, আছাম অটিজিম ফাউণ্ডেচন, অম্বিকাগিৰিৰ আমাৰ ঘৰ, বকোৰ আশাদ্বীপকে আদি বহুকেইটা সংস্থাৰ লগত বিহু পালন কৰা কাৰ্য্যসূচী প্ৰস্তুত কৰিছে। যোৱা ৯ এপ্ৰিলৰ পৰা কাৰ্য্যসূচী গ্ৰহণ কৰিছে। আজি হোটেল লেণ্ডমাৰ্কত অনুষ্ঠিত কৰা এক সংবাদ মেলত মেঘালয় চিমেণ্ট লিমিটেডৰ ক্ৰয় আৰু বিপণন বিভাগৰ অধ্যক্ষ ড৹ অনিল কাপুৰে কয় যে টপচেম চিমেণ্টে ৰঙালী বিহুৰ সদায়ে অংশীদাৰ হয়। আৰু সমাজৰ হিতৰ বাবে সেৱা আগবঢ়াবলৈ যত্নপৰ হয়। উল্লেখযোগ্য যে বিভিন্ন সংস্থাত বিহু পালন কৰাৰ লগতে মিঠাই , লাৰু, পিঠা বিতৰণ কৰে।

Leave A Reply

Your email address will not be published.