আজি ইউনেস্ক’ৰ মুখ্য কাৰ্যালয়ত চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ প্ৰমাণ পত্ৰ গ্ৰহণ

0 6

ৰাষ্ট্ৰসংঘৰ শিক্ষা, বিজ্ঞান আৰু সাংস্কৃতিক সংস্হা চমুকৈ ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য সমিতিয়ে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰা চৰাইদেউ মৈদাম ক্ষেত্রৰ প্ৰমাণ পত্ৰ আজি পেৰিচৰ এক অনুষ্ঠানত গ্ৰহণ কৰে ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ,বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বড়াই।

কেবাগৰাকীও আহোম স্বৰ্গদেউ মৈদামেৰে সমৃদ্ধ চৰাইদেউ মৈদাম ক্ষেত্ৰক বিগত বৰ্ষৰ জুলাই মাহত নতুন দিল্লীত অনুষ্ঠিত ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য সমিতিৰ সভাত ভাৰত বৰ্ষৰ ৪৩ সংখ্যক ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰিছিল।পেৰিচৰ ইউনেস্ক’ মুখ্য কাৰ্যালয়ত আয়োজিত এক অনুষ্ঠানত সাংস্কৃতিক মন্ত্ৰী বড়াই বিশ্ব সংস্থাটোৰ সাংস্কৃতিক বিভাগৰ সহকাৰী সঞ্চালক প্ৰধান আৰ্নেষ্টো অট্টন ৰামিৰেজৰ পৰা আজি আনুষ্ঠানিক ভাৱে বিশ্ব ঐতিহ্য প্ৰমাণ পত্ৰখন গ্ৰহণ কৰে। এই অনুষ্ঠানত মন্ত্ৰী গৰাকীক সংগ দিয়ে ফ্ৰান্সত ভাৰতীয় ৰাষ্ট্ৰদূত তথা ইউনেস্ক’ত ভাৰতৰ জন সম্পর্ক ৰক্ষী বিষয়া বিশাল বি শৰ্মাই।
Maidams-The mould burial system of Ahom dynasty’ হিচাপে ইউনেস্ক’ই দিয়া স্বীকৃতিৰ প্ৰমাণ পত্ৰ প্ৰদানৰ অনুষ্ঠানত বিশ্ব ঐতিহ্য কেন্দ্ৰৰ সঞ্চালক লেজাৰ ইলউণ্ড অস্ম’ও উপস্হিত আছিল।
অনুষ্ঠানত মন্ত্ৰী বড়াই ইউনেস্ক’ৰ সাংস্কৃতিক বিভাগৰ সহকাৰী সঞ্চালক প্ৰধান গৰাকীক এখনি ফুলাম গামোচা, অসমৰ গৌৰৱ এশিঙীয়া গড়ৰ এটি প্ৰতিকৃতি আৰু অসমৰ চাহৰ এটি টোপোলা প্ৰদান কৰে।ইয়াৰ পূৰ্বে মন্ত্ৰী বড়াই ইউনেস্ক’ৰ মুখ্য কাৰ্যালয়টো পৰিদৰ্শন কৰাৰ লগতে পেৰিচৰ সংগ্ৰহালয় এটিও পৰিদৰ্শন কৰে।
উল্লেখ্য যে প্ৰমাণপত্ৰ প্ৰদানৰ এই অনুষ্ঠানত ইউনেস্কোৰ দুয়ো গৰাকী বিষয়া লগতে ভাৰতৰ ৰাষ্ট্ৰদূত গৰাকী আৰু মন্ত্ৰী বড়াই বিশ্ব সংস্হাটোৰ মুখ্য কাৰ্যালয়ৰ পৰাই অসমবাসীক ভোগালী বিহুৰ শুভেচ্ছা প্ৰদান কৰে।

Leave A Reply

Your email address will not be published.