গুৱাহাটী মহানগৰীৰ মালিগাঁওৰ কাষৰীয়া আদেংগিৰী মাধৱদেৱ নগৰ ৰাজহুৱা নামঘৰৰ উদ্যোগত কাতি মাহ উপলক্ষে সমগ্ৰ মাহজুৰি পৱিত্ৰ গীতা পাঠ আয়োজন কৰা হয়। এমহীয়া কাতি বিহুৰ গীতাপাঠৰ সামৰণি উপলক্ষে ২২ নৱেম্বৰৰ সন্ধিয়া নামঘৰ প্ৰাংগণত এখন সভা অনুষ্ঠিত হয় । নামঘৰ পৰিচালনা সমিতিৰ সভাপতি কুশল চন্দ্ৰ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ আঁতধৰে সম্পাদক নয়ন ডেকাই । সভাত মুখ্য অতিথি হিচাপে ভাগ লৈ পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই এমহীয়া কাতি বিহুৰ গীতাপাঠৰ দৰে আধ্যাত্মিক অনুষ্ঠানৰ আয়োজন কৰা বাবে আয়োজক সকলৰ শলাগ লয় । সভাত বিশিষ্ট অতিথি হিচাপে ভাগ লৈ কামৰূপ জিলাৰ জিলা পৰিবহন বিষয়া গৌতম দাসে ভাষণত এনে ধৰণৰ পৱিত্ৰ গীতাপাঠৰ দ্বাৰা অপায় অমংগল দূৰ হৈ সকলোৰে মাজত শান্তি সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ এখন সমাজ প্ৰতিষ্ঠা হ’ব বুলি আশা ব্যক্ত কৰে ।সভাত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ক্ষেত্ৰীয় প্ৰচাৰক কূটলেশ কুলকাৰণী , সেৱা ভাৰতী পূৰ্বাঞ্চলৰ উলাৰ্জী কুলকাৰণী , গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ জনসম্পৰ্কৰক্ষী বিষয়া সনাতন দাস , শিল্পী এছ কে শৰ্মাকে ধৰি কেইবাজনো বিশিষ্ট লোক উপস্থিত থাকে।
Trending
- ভূটানৰ গেলেফু মাইণ্ডফুলনেছ চিটিৰ প্ৰতিনিধি দলৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ আৰু আই আই টি-গুৱাহাটী ভ্ৰমণ
- ভাৰত-ডেনমাৰ্কৰ দ্বিপাক্ষিক সম্পৰ্কৰ সফলতাই বিশ্বৰ সামুদ্ৰিক খণ্ডক এক নতুন গতি দিব: কোপেনহেগেন বিজনেছ স্কুলত ব্লু এম বি এ-ৰ প্ৰতিভাসমূহক সম্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে
- NECTAR Launches Organic Agriculture Project in Arunachal Under PM-DevINE Scheme
- পৰিৱেশ কৰ্মী, জেষ্ঠ সাংবাদিক উত্তম শইকীয়ালৈ অসম চৰকাৰৰ পৰিৱেশ মিত্ৰ সন্মান
- বিশ্ব পৰিবেশ দিবসত আই এ এছ এছ টিত চাৰিগৰাকী বিশিষ্ট পৰিবেশকৰ্মীক পৰিবেশ মিত্ৰ বঁটা প্ৰদান
- অসম খনিজ উন্নয়ন নিগম পৰিসীমিতৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ১ কোটি টকাৰ চেক প্ৰদান
- বিশ্ব পৰিৱেশ দিৱসত প্লাষ্টিক ব্যৱহাৰৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত সাংস্কৃতিক অনুষ্ঠান
- গুৱাহাটী বিশ্ববিদ্যালয়ত ভাৰতীয় জ্ঞান পৰম্পৰাৰ দৃষ্টিভংগীৰে বৌদ্ধ দৰ্শন শীৰ্ষক বক্তৃতানুষ্ঠান সম্পন্ন
- গুৱাহাটী প্ৰেছ ক্লাবত যোগ বিষয়ক আকস্মিক বক্তৃতা আৰু যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত
- সুধাকণ্ঠ ড০ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী-মুখ্যমন্ত্রী ড০হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত ৪জুনত মূল সমিতিৰ প্ৰথম খন সভা অনুষ্ঠিত