আজি কলকাতাৰ ৰাচেল ষ্ট্ৰীট স্থিত অসম হাউছ চৌহদত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত তথা সা প্ৰশাসন আৰু গড়কাপ্তানী বিভাগৰ সহযোগত নিৰ্মিত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিমূৰ্তি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।এই উপলক্ষ্যে আয়োজিতএক সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ইয়াৰ জৰিয়তে অসম আৰু পশ্চিমবংগৰ মাজত থকা কলা সংস্কৃতি আৰু ভাষা সাহিত্যৰ সম্পৰ্ক অধিক শক্তিশালী হ’ব । প্ৰতিমূৰ্তিটো যাতে সকলো সময়তে পৰিস্কাৰ পৰিচ্ছন্ন হৈ থাকে ,তাৰ পদক্ষেপ ল’বলৈ অসম ভৱনৰ কৰ্তৃপক্ষই নিৰ্দেশ দিয়ে। আনহাতে বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে সাহিত্যৰথী লক্ষীনাথ বেজবৰুৱাই জীৱন যোৰা সাধনাৰে অসমীয়া ভাষা-সাহিত্যলৈ যথেষ্ট অৱদান আগবঢ়াই গৈছে। শেহতীয়া অসমৰ নতুন চামে সাহিত্যৰথীগৰাকীয়ে আগবঢ়োৱা এই অৱদানৰ বিষয়ে অৱগত হৈ বৌদ্ধিক জাগৰণৰ সৃষ্টি কৰাটো জাতিটোৰ বাবে শুভ লক্ষণ বুলিও মন্ত্ৰীগৰাকীয়ে কয়। সাহিত্যৰথী মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পিছতে অসমীয়া ভাষা-সাহিত্যৰ দিশত যথেষ্ট অৱদান আগবঢ়াই গৈছে বুলিও ভাষণত উল্লেখ কৰে। লগতে মন্ত্ৰী গৰাকীয়ে ৰাচেল ষ্ট্ৰীটস্থিত বৰ্তমানৰ পুৰণি অসম ভৱনটো ভাঙি ১১ মহলীয়া এক অত্যাধুনিক অসম ভৱন নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে পৰিকল্পনা কৰি আছে বুলিও কয়। এই অসম ভৱনটোত অধুনিক প্ৰেক্ষাগৃহ ইত্যাদিৰ সুবিধা উপলব্ধ হ’ব বুলি কয়।সভাত লক্ষ্মীনাথ বেজবৰুৱাৰ নাতিনী ইৰা ঘোষ, আয়ুক্ত এম অংগমথুকে আদি কৰি বহুকেইজন গণ্য মান্য ব্যক্তি উপস্থিত থাকে।
Trending
- ৰাজ্যৰ পাঁচ জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ বিস্তৃত পৰ্যালোচনা : গুণগত আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিতকৰণত গুৰুত্ব মন্ত্ৰী অশোক সিংহলৰ
- এয়াৰটেল হটস্পট সেৱাৰ গতি অব্যাহত
- Agriculture Minister Pijush Hazarika distributes MMUA cheques to 22,818 beneficiaries in Dhing
- ধুবুৰী, কোকৰাঝাৰকে ধৰি পাঁচখন জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ পৰ্যালোচনা
- বিশ্বকাপৰ উন্মাদনাৰ মাজতে গুৱাহাটীত সাংবাদিকৰ দুভৰিৰ যাদু
- Agriculture Minister Pijush Hazarika visits Khumtai constituency in Golaghat and takes stock of projects, interacts with farmers
- অসম চৰকাৰ শিল্প, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগ উদ্যোগত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান
- ২০ জুলাইৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন টার্মিনেলত আৰম্ভ হ’ব ইণ্ডিগ’ৰ বিমান সেৱা
- NSE signs strategic collaboration with Augmont to strengthen India’s Electronic Gold Receipts (EGR) ecosystem
- অসম পশুধন নিগমৰ উদ্যোগত প্ৰশিক্ষণ কাৰ্যসূচী