প্ৰেছ কাউন্সিল অফ ইণ্ডিয়াৰ প্ৰতিষ্ঠা দিৱসৰ স’তে সংগতি ৰাখি সমগ্ৰ দেশৰ লগতে ৰাজ্যখনৰ চৰকাৰী পঞ্জীয়নভুক্ত সাংবাদিক সকলৰ সংগঠন আসাম প্ৰেছ ক’ৰেছপণ্ডেণ্টছ্ ইউনিয়ন চমুকৈ ‘আপকু’ৱে আজি দিশপুৰ প্ৰেছ ক্লাবত দিনযোৰা কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসটো উদযাপন কৰে। উল্লেখযোগ্য যে, প্ৰেছ কাউণ্সিল অফ ইণ্ডিয়াই ১৯৬৬ চনৰ ১৬ নৱেম্বৰৰ পৰা নিজৰ বৰ্ণাঢ্য যাত্ৰা আৰম্ভ কৰিছিল।
আপকু’ৱে বিগত প্ৰায় দুটা দশক গুৱাহাটীত কেন্দ্ৰীয়ভাৱে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। আজিৰ দিনটোও ব্যতিক্ৰম নহ’ল। আজি পুৱাৰ ভাগত শ্বহীদ তৰ্পনেৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে সাংবাদিক সংগঠনটোৰ সভাপতি স্বপন কুমাৰ ৰাভা, ‘আপকু’ৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি মৌচমজ্যোতি বৈশ্য আৰু সম্পাদক প্ৰধান শৰৎ শেনচোৱা আৰু অসমীয়া প্ৰতিদিন কাকতৰ জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্তই। মন কৰিবলগীয়া যে ৰাজ্যখনত এতিয়ালৈকে বিভিন্ন ঘটনাত ৩২ জন সাংবাদিক শ্বহীদ হৈছে। শ্বহীদ তৰ্পন কাৰ্যসূচীতেই নিহত সাংবাদিক সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱা হয়। এই কাৰ্যসূচীতে অসম আৰু অসমীয়াৰ প্ৰাণ জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। আপুকৱে জুবিন গাৰ্গৰ অকাল মৃত্যুৰো ন্যায় বিচাৰে।
স্মৃতি তৰ্পন অনুষ্ঠানত উপস্থিত থাকি জ্যেষ্ঠ সাংবাদিক সাংবাদিক প্ৰকাশ মহন্তই আপকুক সাংবাদিকৰ কল্যাণৰ বাবে এটি ন্যাস পুজি গঠনৰ বাবে পৰামৰ্শ আগবঢ়ায়।
দুপৰীয়াৰভাগত ‘আপকু’ৰ কেন্দ্ৰীয় সভাপতি স্বপন কুমাৰ ৰাভাৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয়। সভাত ৰাজ্যখনৰ তিনিগৰাকী সাংবাদিক ক্ৰমে অসমীয়া প্ৰতিদিন কাকতৰ জ্যেষ্ঠ সাংবাদিক ফণীধৰ দাস, দৈনিক জনমভূমি কাকতৰ জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক পবিত্ৰ গগৈ আৰু ই.বি. ফটোজৰ জ্যেষ্ঠ সাংবাদিক আব্দুল চাজিদক সাংবাদিকতাৰ জগতখনলৈ বিগত কেইবাটাও দশক ধৰি কৰি অহা অৱদানৰ বাবে ৰাজহুৱাভাৱে সম্বৰ্ধনা জনোৱা হয়।আজি আপকুৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ কাৰ্যসূচীত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে দৈনিক জনমভূমি কাকতৰ কাৰ্যকৰী সম্পাদক সঞ্জীৱ কুমাৰ ফুকন আৰু দিশপুৰ প্ৰেছ ক্লাবৰ সম্পাদক কুঞ্জ মোহন ৰয়।
ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ কাযসূচীত আজি কটন বিশ্ববিদ্যালয়ৰ সাংবাদিকতা বিভাগৰ কিছু সংখ্যক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।
সম্বৰ্ধনা গ্ৰহণ কৰি অসমীয়া প্ৰতিদিন কাকতৰ জ্যেষ্ঠ সাংবাদিক ফণীধৰ দাসে আৰু দৈনিক জনমভূমি কাকতৰ জ্যেষ্ঠ সাংবাদিক পবিত্ৰ কুমাৰ গগৈ আৰু ইউ.বি ফটোজৰ ফটো সাংবাদিক আব্দুল চাজিদে উপস্থিত থাকি নিজৰ মনোভাৱ ব্যক্ত কৰি অনাগত সময়ত সাংবাদিকতাৰ জগতখনত দুগুণ উৎসাহেৰে কাম কৰি যাব বুলি কৈ আজি এইদৰে সন্মান দিয়া বাবে আপুকক ধন্যবাদ জনায়।
আজিৰ প্ৰেছ দিৱসৰ কাৰ্যসূচীতে আপকুৱে সাংবাদিক পেঞ্চন আৰু সাংবাদিক কল্যাণৰ আন আঁচনি সমূহ নিয়মীয়াভাৱে ৰূপায়ণ কৰিবলৈ ৰাজ্য চৰকাৰক দাবী উত্থাপন কৰে। উল্লেখযোগ্য যে চলিত বৰ্ষত ৰাজ্য চৰকাৰে সাংবাদিক পেঞ্চনৰ বাবে আবেদন পত্ৰ গ্ৰহণ কৰিও আজিৰ তাৰিখলৈ নিৰ্বাচিত সাংবাদিক পেঞ্চনাৰ সকলৰ নাম প্ৰকাশ নকৰিলে। অচিৰেই আপকুৱে চলিত বৰ্ষৰ সাংবাদিক পেঞ্চনাৰ সকলৰ নাম প্ৰকাশ কৰিবলৈ আপকুৱে চৰকাৰক টানি অনুৰোধ জনাইছে।
শেষত কামৰূপ জিলা সমিতিৰ সম্পাদক নীৰেন চন্দ্ৰ মালীয়ে শলাগৰ শৰাই আগবঢ়াই সভাৰ সামৰণি পৰে।