আভ্যন্তৰীণ জল পৰিবহণ উন্নয়ন সমিতিৰ ‘জলযাত্ৰা’ – বি-প্লান প্ৰতিযোগিতাত জয়লাভ তেজপুৰ বিশ্ববিদ্যালয়ৰ

0 187

গুৱাহাটীৰ খানাপাৰাৰ প্ৰশাসনিক কৰ্মচাৰী মহাবিদ্যালয়ত অসম আভ্যন্তৰীণ জল পৰিবহণ উন্নয়ন সমিতিৰ উদ্যোগত আয়োজিত ‘জলযাত্ৰা’বি-প্লান প্ৰতিযোগিতাৰ সফলতাৰে সামৰণি পৰে। নতুনকৈ প্ৰতিষ্ঠা হোৱা আছাম ইনলেণ্ড ৱাটাৰৱেজ কোম্পানী লিমিটেড (এ আই ডব্লিউ চি এল) ক বাণিজ্যিক দিশেৰে আগবঢ়াই নিবলৈ বিভিন্ন ধাৰণা লক্ষ্যৰে অনুষ্ঠিত এই প্ৰতিযোগিতাত সমগ্ৰ ভাৰতৰ ২০০ৰো অধিক ব্যৱসায়িক বিদ্যালয় একত্ৰিত হৈছিল।

এই দুটা পৰ্যায়ৰ প্ৰতিযোগিতাত শীৰ্ষ দহটা দলে প্ৰথমে ২০২৩ চনৰ ১০ ছেপ্টেম্বৰত ভাৰ্চুৱেলি নিজৰ দূৰদৰ্শী ব্যৱসায়িক পৰিকল্পনা উপস্থাপন কৰিছিল। চূড়ান্ত ৰাউণ্ডত শীৰ্ষ তিনিটা দলে ব্যক্তিগতভাৱে নিজৰ বিস্তৃত ব্যৱসায়িক পৰিকল্পনা উপস্থাপন কৰিছিল।

তেওঁলোকৰ উদ্ভাৱনীমূলক ধাৰণাসমূহৰ বাবে শ্ৰেষ্ঠ বিজয়ী হিচাপে ১.৫ লাখ টকা লাভ কৰে তেজপুৰ বিশ্ববিদ্যালয়। ইফালে আই আই এম ৰোহটকে দ্বিতীয় স্থান লাভেৰে ১ লাখ টকাৰ পুৰস্কাৰ লাভ কৰে আৰু আই আই এম ৰোহটকৰ টিম জলমগনেও তৃতীয় স্থানেৰে ৭৫ হাজাৰ টকা লাভ কৰে।

শ্ৰেষ্ঠ বিবেচিত এই বাণিজ্যিক ধাৰণাসমূহেৰে অসমৰ আভ্যন্তৰীণ জলপথ পৰিবহণৰ বিকাশ আৰু বহনক্ষমতাত অৰিহণা যোগোৱাৰ যথেষ্ট সম্ভাৱনাও প্ৰদৰ্শন কৰে।

উল্লেখ্য যে এই প্ৰতিযোগিতাৰ লক্ষ্য আছিল উদ্ভাৱনক প্ৰসাৰিত কৰা, উদ্যোগ সজাগতা সৃষ্টি কৰা, নেটৱৰ্কিংৰ সুবিধা প্ৰদান কৰা, বিনিয়োগ আকৰ্ষণ কৰা আৰু এইবোৰৰ যোগেদি অসমৰ আভ্যন্তৰীণ জলপথ পৰিবহণক আগুৱাই নিয়া। এই প্ৰতিযোগিতাত সমগ্ৰ ভাৰতৰ ২০০ ৰো অধিক দলে অশগ্ৰহণ কৰে।

এই সন্দৰ্ভত উদ্যোক্তা অসম আভ্যন্তৰীণ জল পৰিবহণ উন্নয়ন সমিতিৰ ৰাজ্যিক প্ৰকল্প সঞ্চালক গৌৰৱ উপাধ্যায়ে বঁটাসমূহ প্ৰদান কৰি কয়, “জলযাত্ৰা’ বি-প্লান প্ৰতিযোগিতাৰ পৰা লাভ কৰা উদ্ভাৱনীয় ধাৰণাবোৰে অসমৰ আভ্যন্তৰীণ জলপথ পৰিবহণক এক নতুন দিশ প্ৰদান কৰিব। অনাগত সময়ত এই খণ্ডটোৱে নতুন ৰূপত উদ্ভাসিত হৈ উঠিব বুলি আশা কৰিছো।”

অসম আভ্যন্তৰীণ জলপৰিবহন উন্নয়ন সমিতিয়ে বিশ্ব বেংকৰ সহযোগত আয়োজন কৰা এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা সকলো অংশগ্ৰহণকাৰী আৰু বিজয়ীক অভিনন্দন জ্ঞাপন কৰে। অসম চৰকাৰে বিশ্ব বেংকৰ সহযোগত অভ্যন্তৰীণ জলপথ পৰিবহণ আধুনিকীকৰণ কৰি পৰিৱেশ অনুকূল আৰু ব্যয়বহুল পৰিবহণক প্ৰসাৰিত কৰি অসম আৰু চুবুৰীয়া ৰাজ্যসমূহৰ বাবে আঞ্চলিক অৰ্থনৈতিক উন্নয়নৰ পোষকতা কৰিছে।

Leave A Reply

Your email address will not be published.