আমগুৰি সমষ্টিক মহকুমা হিচাপে স্বীকৃতি দিবলৈ পত্ৰ প্ৰেৰণ বিধায়ক প্ৰদীপ হাজৰিকাৰ

0 208

আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাই আমগুৰিক মহকুমা হিচাপে স্বীকৃতি দিবলৈ মুখ্যমন্ত্ৰীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে৷ উল্লেখযোগ্য যে, বিধায়ক জনে কালি আমগুৰিৰ বিষয়া সকল লগত লৈ আমগুৰি চিকিৎসালয় পৰিদৰ্শন কৰাৰ পাছত ক’ভিডৰ পৰিস্থিতি সম্পৰ্কে বুজ লয় আৰু নতুনকৈ‌ ক’ভিড কেয়াৰ চেণ্টাৰ স্থাপন কৰাৰ সম্পৰ্কত উপঅধীক্ষক‌ সৈতে আলোচনাত মিলিত হয়৷ ইতিমধ্যে জিলা উপায়ুক্তৰ লগত আলোচনা কৰি আমগুৰিলৈ এখন এম্বুলেন্স আৰু বৃহৎ পৰিমানৰ ভেকচিন যোগান ধৰিবলৈ আহ্বান জনাইছে৷এই সম্পৰ্কত বিধায়ক গৰাকীয়ে কয় যে আমগুৰিবাসীৰ সপোনৰ সৌৰপ্ৰকল্পৰ কাম ইতিমধ্যে ষাঠি শতাংশ কাম হৈছে আৰু প্ৰায় ডেৰ মাহৰ ভিতৰত ইয়াৰ উৎপাদন আৰম্ভ হ’ব৷ লগতে কয় যে ঘৰে ঘৰে পানী যোগান আচঁনি, নাট্যমন্দিৰ আৰু ষ্টেডিয়াম সম্পূৰ্ণ কৰা, নামঘৰ সম্পূৰ্ণ কৰা আদিত অগ্ৰাধিকাৰ দিয়া হ’ব৷

Leave A Reply

Your email address will not be published.