আমছুৰ ইকবাল গোটৰ বৃক্ষৰোপন কাৰ্যসূচী ৰূপায়ন

0 184

এই বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ ইকবাল গোটে বৃক্ষৰোপন কাৰ্যসূচী ৰূপায়ন কৰে।আজি বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি আমছু আৰু নীলবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যৌথ উদ্যোগত নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয় ছাত্ৰ-ছাত্ৰী সকলৰ মাজত চিত্ৰাংকন আৰু বক্তৃতা প্ৰতিযোগিতাৰ অনুষ্ঠিত কৰে। এই চিত্ৰাংকন আৰু বক্তৃতা প্ৰতিযোগিতাত স্থান প্ৰাপ্ত ছাত্ৰ-ছাত্ৰী সকলক বঁটা প্ৰদান কৰা হয়। বঁটা প্ৰদানৰ অন্তত সকলোৱে একেলগে সমবেত ৰাষ্ট্ৰীয় সংগীত পাঠ কৰি সেউজ পৰিৱেশ গঢ়াৰ বাবে বিদ্যালয় চৌহদত বৃক্ষৰোপণ কৰে। হোজাই জিলা আমছুৱে হোজাই জিলাৰ নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বৃক্ষৰোপন কৰাৰ উপৰিও উত্তৰ ডিমৰুপাৰ মাধ্যমিক বিদ্যালয় আৰু মৌলানা আজাদ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বৃক্ষৰোপন কৰা দেখা যায়।

Leave A Reply

Your email address will not be published.