আমবাৰীত অগপৰ গুৰুত্বপূৰ্ণ সভা-সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা সম্পৰ্কত বিষদ আলোচনা নিৰ্বাচনী আয়োগক পৰামৰ্শ দিব অগপই

0 193

আজি অসম গণ পৰিষদ দলৰ আমবাৰীস্থ মুখ্য কাৰ্য্যালয়ত এখনি গুৰুত্বপূ্ৰ্ণ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সভা সভাপতি তথা মন্ত্ৰী অতুল বৰাৰ সভাপতিত্বত অনুষ্ঠিত হয়। সভাত ভাৰতবৰ্ষৰ নিৰ্বাচনী আয়োগে অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ সম্পৰ্কত প্ৰকাশ কৰা খচৰাৰ ক্ষেত্ৰত বিতং আলোচনা কৰি দলৰ তৰফৰ পৰা সামগ্ৰীক ভাৱে সংশোধনী পৰামৰ্শ নিৰ্বাচনী আয়োগক সাক্ষাৎ কৰি দাখিল কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। সভাই দলীয় সদস্য তথা বিষয়ববীয়া সকলৰ সমষ্টি পুনৰ নিৰ্ধাৰণ সম্পৰ্কত দলে গঠন কৰা জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰী নেতৃত্বাধীন সমিতিৰ হাতত তৎকালিন ভাৱে সংশোধনী পৰামৰ্শ তথ্য সহকাৰে দাখিল কৰিবলৈ আহ্বান জনায়। সভাই খিলঞ্জীয়া জনসাধাৰণৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত সমষ্টি পুনৰ নিৰ্ধাৰণক আদৰণি জনায়। সভাই প্ৰতিটো বিধান সভা সমষ্টিতে বুথ সমিতি গঠন প্ৰক্ৰিয়া অধিক ত্বৰাণ্বিত কৰিবলৈ আৰু বুথ সমিতি গঠনৰ তালিকা মুখ্য কাৰ্য্যালয়ত দাখিল কৰিবলৈ আহ্বান জনায়। ইতিমধ্যে দলে বাৰটা লোকসভা সমষ্টিত বিশেষ কৰ্মকৰ্তা সন্মিলন অনুষ্ঠিত কৰাৰ পিছত অহা ৯ জুলাই তাৰিখে ডিফু লোকসভা সমষ্টিত আৰু ২৩ জুলাই তাৰিখে কোকৰাঝাৰ লোকসভা সমষ্টিৰ কৰ্মকৰ্তা সন্মিলন অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। সভাই লোকসভা সমষ্টি ভিত্তিত কৰ্মকৰ্তা সন্মিলনৰ পিছতে বিধান সভা সমষ্টি ভিত্তিত কৰ্মকৰ্তা সন্মিলন অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰি প্ৰথম সভাখন বোকাখাত বিধান সভা সমষ্টিৰ পৰা আৰম্ভ কৰিবলৈ ঐক্যমত পোষণ কৰে ।সভাত দলৰ কাৰ্য্যকৰী সভাপতি কেশৱ মহন্ত, জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰী, সাধাৰণ সম্পাদক বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, ডা০ কমলাকান্ত কলিতা, প্ৰবীন হাজৰিকা, মনোজ শইকীয়া, ভূপেন ৰায়, নুৰুল হুচেইন, পোনাকণ বৰুৱা, বিমলেন্দু সিংহ, সত্যব্ৰত কলিতা, উপ-সভাপতি ভৱেন্দ্ৰ নাথ ভৰালী, কুমাৰ দীপক দাস, জ্যোতিষ দাস, সুনীল ডেকা, সুনীল ৰাজকোৱঁৰ, জয়নাথ শৰ্মা, ডা০ তাৰা প্ৰসাদ দাস, সম্পাদক তথ্য প্ৰচাৰ ড০ তপন দাস, সম্পাদক বিত্ত জয়ন্ত খাউণ্ড আদি উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.