কামৰূপ জিলাৰ আমৰাংগা বৰিহাটৰ হাটখোৱাপাৰাস্থিত নিজ গৃহত ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ তথা নিজ গৃহৰ পৰা সুদূৰ লাডাখলৈ খোজ কাঢ়ি অভিলেখ সৃষ্টি কৰা অঞ্জলি দাসক ২০ এপ্ৰিলত দক্ষিণ কামৰূপ সচেতন মঞ্চৰ পৰা বিপুল ভাৱে সম্বৰ্দ্ধনা জনায়। অসমীয়া বিহুৱান, মানপত্র আৰু গছৰ পুলিৰে সম্বৰ্দ্ধনা জনোৱা হয় । সচেতন মঞ্চৰ উপদেষ্টা তথা সাংবাদিক দীপক শৰ্মা, অধ্যক্ষ তথা প্ৰাক্তন ছাত্র নেতা মদন দাস, শিক্ষা সম্পাদক ৰঞ্জিৎ মহন্ত, প্ৰচাৰ সম্পাদক শিৰষ দাস, সদস্য তাজনুৰ আলম চৌধুৰী, দক্ষিণ কামৰূপ ছাত্র সন্থাৰ প্ৰাক্তন সভাপতি হেমন্ত কুমাৰ চৌধুৰীৰ নেতৃত্বত যোৱা দলটোৰ সম্বৰ্দ্ধনা গ্রহণ কৰি অঞ্জলি দাসে কয়- মই খুৱেই সুখী। আজিৰ নতুন প্রজন্মৰ বিদ্যাৰ্থীসকলে ক্ৰীড়াত বেছি মনোনিবেশ কৰিব লাগে। চৰকাৰেও যথোপযুক্ত ধৰণেৰে সহায় কৰিব লাগে। সম্বৰ্দ্ধনা প্ৰদান কৰি সচেতন মঞ্চৰ উপদেষ্টা দীপক শৰ্মাই কয়- অঞ্জলি দাস অসমৰ সম্পদ। তেখেতৰ দুঃসাহসিক ক্ৰীড়া শৈলীয়ে আমাৰ নতুন প্রজন্মৰ বাবে বৰ পাথেয়। ৰাজ্য চৰকাৰে অঞ্জলি দাসক যথোপযুক্ত সন্মান দিবলৈও অনুৰোধ জনায়।সচেতন মঞ্চৰ অধ্যক্ষ মদন দাসে কয়- দক্ষিণ কামৰূপলৈ ক্ৰীড়াৰ জড়িয়তে সন্মান কঢ়িয়াই অনা অঞ্জলি দাসৰ অনন্য প্ৰতিভাই আমাৰ বাবে বৰ প্ৰেৰণাদায়ক। উল্লেখ থাকে যে অঞ্জলি দাসে লাডাখৰ পৰা ঘূৰি অহাৰ পিছত পুনৰ তেখেতে ১৭ ঘন্টাত ১০০ কিলোমিটাৰ খোজ কাঢ়ি আৰু এক ৰেকৰ্ড স্থাপন কৰিছে।
Trending
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা
- সদৌ অসম সাংবাদিক সন্থা(আজু)ৰ নগাঁও জিলা সমিতিৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক সম্বৰ্ধনা
- তামুলপুৰত লোন মেলা সম্পন্ন
- মালিগাঁৱত ৰে’লৱেৰ এছচি আৰু এছ টি এম্পলয়িজ এছ’চিয়েচনৰ গ্ৰীষ্মকালীন শিবিৰৰ সামৰণি
- মিডিয়া এছ’চিয়েছন, অসমৰ উদ্যোগত মহীৰূহ সাংবাদিক কনকসেন ডেকাৰ ৯৩ সংখ্যক জন্ম জয়ন্তী পালন