আয়ুক্ত সন্মিলনত মুখ্যমন্ত্রীয়ে কি নিৰ্দেশনা জাৰি কৰিলে

0 55

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত গুৱাহাটীৰ লোকসেৱা ভৱনত সোমবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে জিলা আয়ুক্ত সন্মিলন অনুষ্ঠিত হৈছে। এই সন্মিলনতে মুখ্যমন্ত্রীয়ে ২ অক্টোবৰত উপ জিলাৰ কাম-কাজসমূহ আনুষ্ঠানিকভাৱে আৰম্ভ হ’ব মন্তব্য কৰে। সেই অনুসৰি কামৰূপ জিলাত দুখন উপ জিলা হ’ব। প্রথমে অস্থায়ী কাৰ্যালয়ৰ পৰাই উপ জিলাৰ কাম-কাজসমূহ চলিব।

আনহাতে উপ জিলা কাৰ্যালয়ৰ বাবে লোকনির্মাণ বিভাগে প্রস্তুত কৰা নক্সা সংশিষ্ট জিলা আয়ুক্তসকলক মঙলবাৰে সম্মিলনতে দেখুৱাবলৈ মুখ্যমন্ত্রীগৰাকীয়ে জনাইছে। আনহাতে উপ জিলাৰ মহকুমাধিপতি সকলক ২ অক্টোবৰৰ পূৰ্বে প্রশিক্ষণ দিয়া হ’ব বুলি প্ৰকাশ কৰাৰ লগতে ১৫ আগষ্টৰ পূৰ্বে প্রয়োজনীয় সকলো আচবাববোৰ অস্থায়ী কার্যালয়লৈ নিয়াৰো নির্দেশ দিছে।

আয়ুক্ত সম্মিলনতে মুখ্যমন্ত্ৰীগৰাকীয়ে কেইখনমান জিলাৰ কাম-কাজক লৈ অসন্তুষ্টি প্রকাশ কৰি সংশ্লিষ্ট আয়ুক্তসকলক জিলা ভিত্তিক বৈষম্য দূৰ কৰিবলৈ নির্দেশ দিয়ে। আয়ুক্তসকলক সপ্তাহত এদিন ক্ষেত্র পর্যবেক্ষণ আৰু জিলাখনৰ বিশিষ্ট ব্যক্তিসকলৰ ঘৰলৈ যাবলৈও মুখ্যমন্ত্রীয়ে আহ্বান জনাইছে। আনহাতে অতিৰিক্ত জিলা আয়ুক্তক সপ্তাহত দুদিন কাম-কাজ চোৱাচিতা কৰাৰ তেওঁ নির্দেশ দিছে।

একে সময়তে দৈনিক এক- তৃতীয়াংশ চৰকাৰী বিষয়াক জনসাধাৰণৰ মাজলৈ গৈ সমস্যাৰ বুজ ল’বলৈও মুখ্যমন্ত্রীয়ে আহ্বান জনাইছে। প্রত্যেক ১৫ দিনৰ অন্তত অভিভাৱক মন্ত্রীৰ সৈতে আয়ুক্তক ভিডিঅ’ কনফাৰেন্সযোগে কাম-কাজ সন্দর্ভত আলোচনা কৰিবলৈ মুখ্যমন্ত্রীয়ে জিলা আযুক্তসকলক আহ্বান জনাইছে।

লগতে ছেপ্তেম্বৰৰ ভিতৰত প্ৰতিখন জিলাত নতুন আঁচনি ৰূপায়ণ কৰাৰ লগতে ৰূপায়িত নোহোৱা পূৰণা কামসমূহ সমাধানৰ চেষ্টা কৰা হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে।

৩১ ডিচেম্বৰৰ পূৰ্বে নতুন পঞ্চায়তে দায়িত্ব ল’ব পৰাকৈ প্রয়োজনীয় সকলো কাম-কাজ কৰিবলৈ জিলা আয়ুক্তসকলক মুখ্যমন্ত্ৰীগৰাকীয়ে আহ্বান জনাইছে। ইয়াৰোপৰি তেওঁ পঞ্চায়তত তিনিটাতকৈ অধিক উন্নয়ন খণ্ড হ’ব নোৱাৰিব বুলিও উল্লেখ কৰিছে।

জিলা আযুক্তৰ সম্মিলনখনতে মুখ্যমন্ত্রী শৰ্মাই চৰকাৰী কাৰ্যসূচীত কেৱল নিৰামিষ খাদ্য ব্যৱহাৰৰ নিৰ্দেশ দিছে। ৰাজ্যিক অতিথিৰ বাহিৰে কোনো চৰকাৰী বিভাগে আমিষ আহাৰেৰে অপ্যায়ন কৰাটো বাধা আৰোপ কৰিছে। এই সন্মিলনতে আগষ্টত লখিমপুৰত কেবিনেট বৈঠক হব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে।

এই প্রসংগতে এতিয়াৰে পৰা গুৱাহাটীৰ বাহিৰত কেবিনেট হোৱাৰ দিনা মন্ত্রীসকল একেটা সময়তে নাযাবলৈ মুখ্যমন্ত্রীয়ে আহ্বান জনাইছে। মুখ্যমন্ত্রীয়ে কয় যে, মন্ত্রীসকল নির্দিষ্ট সময়ৰ অন্তৰত গলে যান-বাহনৰ লগতে অন্য অসুবিধা নহয়। ৰাজ্যত ভি ভি আই পি সংস্কৃতি আঁতৰোৱাৰ পোষকতা কৰি মুখ্যমন্ত্ৰীৰ কনভয়তো ১০খনতকৈ অধিক গাড়ী থাকিব নোৱাৰিব বুলি তেওঁ প্রকাশ কৰে।

এই সন্মিলনতে শেহতীয়া বানত ক্ষতিগ্রস্তসকলক ১২ আগষ্টত সাহায্য প্রদান কৰা হব বুলি মুখ্যমন্ত্রীয়ে প্রকাশ কৰে। ক্ষতিগ্রস্তক গৃহ নির্মাণৰ বাবে ১ লাখ ২০ হাজাৰ টকা দিয়া হ’ব বুলি প্ৰকাশ কৰি মুখ্যমন্ত্রীয়ে কয় যে,সাহায্য প্রদানৰ ৭ দিন পূর্বে মঞ্জুৰি পত্র বিতৰণ কৰা হ’ব।

Leave A Reply

Your email address will not be published.