ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ গুৱাহাটীস্থিত ৬০ আসাম গাৰ্লছ এন চি চি বেটেলিয়ানৰ সামূহিক বাৰ্ষিক প্ৰশিক্ষণ শিবিৰ (চি এ টি চিৰ) ৯ ডিচেম্বৰৰ পৰা গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়াম চৌহদত আৰম্ভ হৈছে । দহদিনীয়া এই প্ৰশিক্ষণ শিবিৰৰ ১৮ ডিচেম্বৰত সামৰণি পৰিব। শিবিৰত বেটেলিয়ানৰ অধীনৰ প্ৰায় ৩০ খন শিক্ষা প্ৰতিষ্ঠানৰ ২৭৫ জনী জুনিয়ৰ আৰু ছিনিয়ৰ কেডেট, কেবাজনো সহযোগী এন চি চি বিষয়াই ভাগ লৈছে । আনহাতে শিবিৰৰ কেম্প কমাডেণ্টৰ দায়িত্বত আছে ৬০ আসাম গাৰ্লছ বেটেলিয়ান এন চি চিৰ কমাণ্ডিং অফিচাৰ , কৰ্ণেল অজয় কুমাৰ শৰ্মা। দহদিনীয়া শিবিৰত কেডেট সকলক ৰাইফল চালনাৰ প্ৰশিক্ষণ দিয়াৰ উপৰিও শাৰীৰিক অনুশীলন, পেৰেড, ড্ৰিল, মেপ ৰিডিং, যুদ্ধত শত্ৰুক পৰাজিত কৰাৰ কৌশল, ব্যক্তিত্ব বিকাশ, মানসিক ভাবে সৱল হৈ থকাৰ উপায় , সেনাকে ধৰি সশস্ৰ বাহিনীত ভৰ্ত্তি বা নিযুক্তি লাভৰ উপায় আদিৰ প্ৰশিক্ষণ দিয়া হৈছে । তেনেদৰে এন ডি আৰ এফ , নেডফি, প্ৰাক্তন এন চি চি কেডেট আদিৰ সহযোগত ভাগে ভাগে বিভিন্ন প্ৰশিক্ষণ প্ৰদান কৰিব । শিবিৰৰ লগত সংগতি ৰাখি দৈনিক সন্ধিয়া অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত কেডেট সকলে নৃত্য, গীতকে ধৰি বাৰে ৰহনীয়া সাংস্কৃতিক কাৰ্যসূচী প্ৰদৰ্শন কৰি আহিছে। ইফালে ১১ ডিচেম্বৰত এন চি চিৰ গুৱাহাটী গ্ৰুপৰ গ্ৰুপ কমাণ্ডাৰ ব্ৰিগেডিয়াৰ অজিত কুমাৰ বৰাই শিবিৰ পৰিদৰ্শন কৰি কেডেট সকলৰ প্ৰশিক্ষণ কাৰ্যৰ বুজ লয়। ব্ৰিগেডিয়াৰ বৰাই কেডেট সকলৰ সৈতে মত – বিনিময় কৰাৰ লগতে সকলো কেডেটৰ উজ্বল ভবিষ্যত কামনা কৰি এনে ধৰণৰ শিবিৰত ভাগ ললে এন চি চিৰ তিনিটা চাৰ্টিফিকেট পৰীক্ষা ক্ৰমে – এ, বি আৰু চিত অবতীৰ্ণ হোৱাৰ যোগ্যতা অৰ্জন কৰা সন্দৰ্ভত কেডেট সকলক অৱগত কৰে।
Trending
- Brahmaputra Conclave on Balancing Development and Ecology Held in Guwahati
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান
- মালামাল বয়জৰ ট্ৰেইলাৰ মুকলি- মুক্তিপূৰ্বেই ব্যাপক চৰ্চা
- আন্তৰ্জাতিক ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস
- কাঁহিকুছিৰ উদ্যান শস্য গবেষণা কেন্দ্ৰৰ তত্বাবধানত পার্থেনিয়াম সজাগতা অভিযান