উত্তৰ পূৱৰ প্ৰহৰী হিচাপে পৰিগণিত হৈ অহা কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ অধীনৰ উচ্চ প্ৰশিক্ষিত বাহিনী আসাম ৰাইফলছত এইবাৰ ৯ জন জোৱানে নিজৰ যোগ্যতা আৰু দক্ষতাৰ বলত বাহিনীটোত কেপ্তেইন পৰ্যায়ৰ সহকাৰী অধিনায়ক পদবী লাভ কৰিছে । ইতিমধ্যে তেওঁলোকে কিছুদিন পূৰ্বে বিহাৰৰ গয়াত থকা অফিচাৰ ট্ৰেইনিং অকাডেমিত ( অ টি এ ) দেশৰ আন আন বাহিনীৰ সৈতে এবছৰীয়া কঠোৰ প্ৰশিক্ষণ সুখ্যাতিৰে সম্পন্ন কৰিছে । প্ৰশিক্ষণৰ সময়চোৱাত ডেৰ শতাধিক বিষয়াৰ ভিতৰত বাহিনীটোৰ গুৰশুং কেনেডি শৰ্মাই শ্ৰেষ্ঠ বিষয়া কেডেটৰ সন্মান লাভ কৰিছিল । আনহাতে এবছৰীয়া প্ৰশিক্ষণ সমাপ্ত কৰাৰ পাছত আসাম ৰাইফলছৰ ৯ জন বিষয়াই বাহিনীটোৰ শ্বিলঙৰ লাইটকৰত থকা মুখ্য কাৰ্যালয়ত সহকাৰী অধিনায়ক হিচাপে ( Assistent Commandent ) যোগদান কৰিছে । ১৪ জুলাইত মুখ্য কাৰ্যালয়ৰ সভাগৃহত আয়োজিত এক অনুষ্ঠানত আসাম ৰাইফলছৰ সঞ্চালক প্ৰধান লেফটেনেণ্ট জেনেৰেল পি চি নায়াৰে ৯ জন বিষয়াৰে সৈতে মত বিনিময় কৰি বাহিনীত যাতে নিষ্ঠাৰে সেৱা আগবঢ়াই তাৰ কামনা কৰে । ইয়াৰ উপৰিও লেফটেনেণ্ট জেনেৰেল নায়াৰে অ টি এ’ত প্ৰশিক্ষণৰ সময়ত শ্ৰেষ্ঠ বিষয়া কেডেটৰ সন্মান লাভ কৰা বাবে গুৰশুং কেনেডি শৰ্মাক বিশেষভাবে সম্বৰ্ধনা জনায় । অনুষ্ঠানত বাহিনীটোৰ অতিৰিক্ত সঞ্চালক প্ৰধানকে ধৰি কেবাজনো উচ্চপদস্থ বিষয়া উপস্থিত থাকে । উল্লেখযোগ্য যে আসাম ৰাইফলছত কমেও বাৰ বছৰ জোৱান হিচাপে সুখ্যাতিৰে কৰ্তব্য সম্পাদন কৰা লোক সকলৰ মাজৰ পৰা দক্ষতা আৰু যোগ্যতা অনুসৰি সহকাৰী অধিনায়ক পদত বাছনিৰ বাবে কেবাটাও স্তৰত পৰীক্ষা অনুষ্ঠিত কৰা হয় । কঠিন শাৰীৰিক , মানসিক আৰু লিখিত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত তেওঁলোকক এবছৰীয়া কঠিন প্ৰশিক্ষণৰ গয়াৰ অ টি এলৈ প্ৰেৰণ কৰা হয় । আনহাতে ৯ জন সহকাৰী অধিনায়কৰ ভিতৰত অসমৰ শোণিতপুৰ জিলাৰ চাৰিদুৱাৰৰ কৃষ্ণ বাহাদুৰ ৰসাৰ উপৰিও মণিপুৰৰ ৩ জন , পশ্চিমবঙ্গৰ দাৰ্জিলিঙৰ দুজন , নাগালেণ্ড আৰু জম্বু – কাশ্মীৰৰ এজনকৈ জোৱান আছে ।
Trending
- গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ছাত্ৰ দিৱস উদযাপন
- ৰাণীত বিজেপিৰ নিৰ্বাচনী সভা -এইবাৰৰ নিৰ্বাচন উন্নয়নৰ স্বাৰ্থত নিৰ্বাচন – নীতিন গাডকাৰী
- কামৰূপ (ম) জিলাত মাইক্ৰ’অৱজাৰভাৰৰ প্ৰশিক্ষণ
- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হৈ জালুকবাৰী সমষ্টিত ৰিনিকি ভূঞা শৰ্মাৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ
- গৃহৰ পৰা ভোটাধিকাৰ সাব্যস্ত কৰিব পৰাকৈ নিৰ্বাচনী আয়োগৰ পদক্ষেপ
- নগঞা ঢুলীয়া, চিত্ৰশিল্পী, খনিকৰ মহেন্দ্ৰ বৰালৈ “বৰ্হমথুৰি শিল্পী বঁটা সাংস্কৃতিক মঞ্চ অসমৰ
- দেশ – বিদেশৰ বহু গৱেষকৰ উপস্থিতিত শ্বিলঙত জুবিন গাৰ্গৰ সোঁৱৰণত দুদিনীয়াকৈ প্ৰথম ৰাষ্ট্ৰীয় আলোচনা চক্ৰ সম্পন্ন
- নেৰানেপেৰা বৰষুণ, ফিৰফিৰিয়া বতাহৰ বাবে অসমত আবতৰীয়া শীত
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ