আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয়,পলাশবাৰী-শুৱালকুছি সংযোগী দলং নিৰ্মাণৰ সিদ্ধান্তক আদৰণি দক্ষিণ কামৰূপ জিলা বিজেপিৰ

0 289

পৰম্পৰাগত চিকিৎসাৰ বিকাশ সাধনৰ মহৎ উদ্দেশ্যে আগত ৰাখি সদ্য বিধান সভাৰ বাজেট অধিবেশনত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাত বিত্তমন্ত্ৰী অজন্তা নেওগে পলাশবাৰীত এখন আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয় স্থাপন কৰাৰ কথা ঘোষণা কৰাৰ পিছতে পলাশবাৰী সমষ্টিৰ লগতে দক্ষিণ কামৰূপৰ ৰাইজ উৎফুল্লিত হৈ পৰিছে। লগতে উত্তৰপাৰ-দক্ষিণপাৰ যোগাযোগত যুগান্তকাৰী পৰিবৰ্তনৰ লক্ষ্যৰে পলাশবাৰী-শুৱালকুছি সংযোগী দলং নিৰ্মাণৰ সিদ্ধান্তক মুখ্যমন্ত্ৰী, বিত্তমন্ত্ৰীক আদৰণী তথা শুভেচ্ছা জ্ঞাপন কৰিছে দক্ষিণ কামৰূপ জিলা বিজেপিৰ নেতা-কৰ্মীৰ লগতে পলাশবাৰী ৰাইজে। এই উপলক্ষে আজি দক্ষিণ কামৰূপ জিলা বিজেপিৰ বাটৰহাটস্থিত কাৰ্যালয়ত বিজেপিৰ নেতা কৰ্মীসকলে ফটকা ফুটাই আনন্দ উলাস কৰি বিজেপি জিন্দাবাদ, নৰেন্দ্ৰ মোডী জিন্দাবাদ, ড০ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ আজি ধ্বনি দি অঞ্চলটো মুখৰিত কৰি তোলে। উক্ত সন্দৰ্ভত দক্ষিণ কামৰূপ জিলা বিজেপিৰ সভাপতি ধনেশ্বৰ তালুকদাৰে ৰাজ্যৰ বিধানসভা বাজেট অধিবেশন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা প্ৰচেষ্টাত বিত্তমন্ত্ৰী অজন্তা নেওগে পলাশবাৰীত এখন নতুনকৈ আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰাৰ বাবে ধন্যবাদ তথা শুভেচ্ছা জ্ঞাপন কৰে। লগতে ব্ৰহ্মপুত্ৰৰ নদীৰ ওপৰত শুৱালকুছি আৰু পলাশবাৰী মাজত প্ৰায় তিনি হাজাৰ কোটি টকা ব্যয়ৰে এখন তিনিলেনযুক্ত দলং নিৰ্মাণ হব বুলি ইতিমধ্যে ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। উক্ত দলংখন সম্পূৰ্ণ হৈ উঠিলে যাতায়তৰ ক্ষেত্ৰত নতুন মাত্ৰা দিয়াৰ লক্ষৰে সেই দলঙৰ সৈতে সংযোগ কৰাৰ বাবে উত্তৰ পাৰৰ শুৱালকুচি আৰু দক্ষিণপাৰৰ পলাশবাৰী অঞ্চলত কেবাটাও নতুনকৈ পথ নিৰ্মাণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। দলঙৰ লগতে পথচোৱা নিৰ্মাণ হলে যাতায়তৰ ক্ষেত্ৰখনত যুগান্তকাৰী পৰিৱৰ্তন অহাৰ লগতে বিকল্প জীৱিকা নিৰ্বাহৰ পথ সৃষ্টি হোৱাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি বৃহত্তৰ অঞ্চলটোৰ উপকাৰ সাধন হব। বিশেষকৈ পলাশবাৰী ব্ৰহ্মপুত্ৰৰ দাঁতিৰ মথাউৰিৰ পৰা পলাশবাৰী, মিৰ্জা, বৰিহাট, লোহাৰঘাট, বৰদুৱাৰ, বাগান হৈ মুদুকীলে প্ৰায় ২৯ কি: মি: দৈৰ্ঘৰ দুই লেন যুক্ত তীব্ৰ গতিত এটি পথ নিৰ্মাণ কাম চলি আছে। উক্ত পথচোৱা নিৰ্মাণকাৰ্য সম্পূৰ্ণ হলে দক্ষিণ কামৰূপৰ পথ যাতায়তৰ ক্ষেত্ৰখনত এক নতুন যুগৰ সংযোজন হোৱাটো নিশ্চিত বুলি জিলা সভাপতি ধনেশ্বৰ তালুকদাৰে জানিবলৈ দিয়ে। উক্ত কাৰ্যসূচীত ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ নেতা কৰ্মীসকল উপস্থিত থাকে।তাৎপৰ্যপূৰ্ণ ভাবে ৰাইজে কোনো ধৰণৰ দাবী নকৰাকৈ দলং আৰু এটি চাৰিলেনযুক্ত পথ নিৰ্মাণৰ সিদ্ধান্তক ৰাইজে মুখ্যমন্ত্ৰীৰ নেতৃত্বত অসম চৰকাৰৰ এক মহান উপহাৰ বুলিয়ে গণ্য কৰা বুলি সচেতন লোক সকলে সদৰি কৰিছে ।

Leave A Reply

Your email address will not be published.