আৰক্ষীক এখন বিহুৱানে সন্মান জনালে ৰাইজে                                               

0 262

ক’ৰণা ভাইৰাছৰ আতংক আৰু লক ডাউনৰ সময়ত সাধাৰণ জনতা ঘৰত আবদ্ধ হৈ থকা বিপৰীতে দিনে নিশাই কৰ্তব্য সম্পাদন কৰিব লগা হৈছে আৰক্ষী বিভাগৰ লোক সকলে।
 
 
 
বিহুৰ বতৰটো ঘৰ তথা পৰিয়ালৰ কাষলৈ এপাক যাব পৰা নাই আৰক্ষীৰ কোনো বিষয়া কৰ্মচাৰীয়ে। এনে সময়তে মৰিয়নীৰ চেলেংহাট আৰক্ষী চকীৰ আৰক্ষী বিষয়া আৰু জোৱান সকলৰ কাষত উপস্থিত হ’ল চেলেংহাটৰ কেইজনমান সমাজ সচেতন ব্যক্তি।
 
 
আৰক্ষী লোক সকলক তেওঁলোকৰ কৰ্তব্য নিষ্ঠাৰ বাবে শলাগ লোৱা লগতে উৎসাহিত কৰে।চেলেংহাট আৰক্ষী চকীৰ ১৫ জন বিষয়া জোৱানক চেলেংহাট বাসীৰ হৈ একোখনকৈ বিহুৱানেৰে সন্মান যাঁচে সমাজ কৰ্মী তুষাৰ পাল, যোৰহাট মহকুমাৰ চাহ আৰু প্ৰাক্তন চাহ জনজাতি কল্যাণ বৰ্ডৰ অধ্যক্ষ তৰুণ ৰাজোৱাৰ আৰু লাহিং গাঁও পঞ্চায়তৰ সভাপতি সন্তোষ ঝায়ে।
 
চেলেংহাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰবীন নেওগে বিহুৰ সময়ত চেলেংহাট বাসীয়ে যঁচা সন্মানে আৰক্ষী জোৱান সকলক নিজ কৰ্তব্য সম্পাদন কৰি যাবলৈ উৎসাহিত কৰিব বুলি অনুভৱ প্ৰকাশ কৰে।
খবৰ যুগুতালে মৰিয়নীৰ পৰা জ্যোতি প্ৰসাদ গগৈয়ে।

Leave A Reply

Your email address will not be published.