আৰক্ষীৰ ৯ পৰিদর্শক ভাৰপ্ৰাপ্ত বিষয়াক বদলি

0 231

অসম আৰক্ষীৰ মহাপৰিদর্শকৰ কাৰ্যালয়ৰ এক নিৰ্দেশনা অনুসৰি  ৰাজ্যখনৰ বিভিন্ন স্থানৰ আৰক্ষী
থানাত কৰ্তব্যৰত  পৰিদর্শক ভাৰপ্ৰাপ্ত  বিষয়া (ইউ বি)সকলক ৰদ বদল কৰা হৈছে। অসম আৰক্ষীৰ এ দি জি পি এইচ সিঙৰ মেম নং এফ এ/।।।/ ২৪/ ২০২১/৩৩  ৰ নিৰ্দেশনা মতে লখিমপুৰ আৰু ধেমাজি  জিলাৰ মুঠ ৯ গৰাকী পৰিদর্শক ভাৰপ্ৰাপ্ত বিষয়া আৰু চক্ৰ পৰিদর্শকক ৰদবদল কৰা হৈছে । নিৰ্দেশনা অনুসৰি  চিপাঝাৰ থানাৰ
ভাৰপ্ৰাপ্ত বিষয়া বিশ্বজিত ডেকাক লখিমপুৰ সদৰ থানাৰ অচি হিচাপে ,  লখিমপুৰ সদৰ থানাৰ অচি উৎপল শৰ্মাক  কাৰ্বি আংলং জিলাৰ বৰপথাৰৰ চক্ৰ বিষয়া  হিচাপে , 
বিহপুৰীয়া থানাৰ অচি নিতুল দাসক লতাশিল থানালৈ অচি হিচাপে বদলি কৰি বিহপুৰীয়া থানাত জাগীৰোডৰ অচি উৎপল বৰাক নিযুক্তি দিয়া হৈছে। তেনেকৈ দৰং জিলাৰ খাৰুপেটীয়াৰ চক্ৰ পৰিদর্শক  মানবেন্দ্ৰ দাসক লালুক চক্ৰৰ পৰিদর্শক হিচাপে , ঢকুৱাখনা থানাৰ অচি ৰাজীৱ বৰুৱাক কলিয়াবৰ
থানাৰ অচি হিচাপে বদলি কৰি ঢকুৱাখনা থানাত  কামৰূপ জিলাৰ গড়চুক থানাৰ অচি নিৰঞ্জন বৰুৱাক অচি হিচাপে নিযুক্তি দিয়া হৈছে।  তদ্রুপ ভাবে ধেমাজি জিলাৰ সদৰ
থানাৰ অচি হিচাপে ৰঙাপৰা থানাৰ অচি হিতেশ শৰ্মাক  , চিলাপথাৰ থানাৰ অচি হিচাপে তিতাবৰ থানাৰ অচি মুহীধৰ টায়েক , জোনাই থানাৰ অচি হিচাবে মিছামাৰীৰ চক্ৰ পৰিদর্শক নেত্ৰকমল শইকীয়াক, গহপুৰৰ অচি প্ৰশান্ত বেজবৰুৱাক চিমেন চাপৰিৰ চক্ৰ পৰিদর্শক হিচাপে  আৰু মানকাছাৰৰ চক্ৰ পৰিদর্শক কোষেশ্বৰ
নাথক গোগামুখৰ চক্ৰ পৰিদর্শক হিচাবে নিযুক্তি দিছে।জিলা দুখনৰ নৱ নিযুক্ত ভাৰপ্ৰাপ্ত বিষয়া সকলে
অচিৰেই নতুন কৰ্তব্য স্থলীত যোগদান কৰিব বুলি জানিব পৰা গৈছে।  উল্লেখযোগ্য যে নিৰ্দেশনাটোৰ জৰিয়তে ৰাজখনৰ মুঠ ১৯৩ গৰাকী আৰক্ষী বিষয়াৰ ৰদ বদল কৰা হৈছে।
বাতৰি যুগুতালে ঢকুৱাখনাৰ পৰা অমৃত পৱন বৰাই

Leave A Reply

Your email address will not be published.