আৰ্তজনলৈ সহায়ৰ হাত আগবঢ়ালে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে                                 

0 209

লক ডাউনৰ ফলত ঘৰতে আবদ্ধ হৈ পৰা আৰ্থিক ভাৱে দুৰ্বল লোকক খাদ্য সামগ্ৰী আগবঢ়ায় সহায়ৰ হাত আগবঢ়াইছে সংগ্ৰামী যুৱ-ছাত্ৰ পৰিষদে।
 
সংগঠনটোৱে মৰিয়নীৰ দাঁতিকাষৰীয়া নগাধূলি, খৰিকটীয়া, নতুনমাটি, দিহিঙিয়াপাৰ ভেলেউগুৰি আদি বিভিন্ন অঞ্চলত ৬০টা পৰিয়ালক চাউল, দাইল, আলু, বিস্কুট আদি অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰে।
 
সংগঠনটোৰ সামগ্ৰী বিতৰণ কাৰ্যসূচীত সংগ্ৰামী যুৱ-ছাত্ৰ পৰিষদৰ মৰিয়নী আঞ্চলিক সমিতিৰ সভাপতি বিতুল বড়া উপদেষ্টা অৰ্জুন মজুমদাৰে অংশগ্ৰহণ কৰে।
খবৰ যুগুতালে মৰিয়নিৰ পৰা জ্যোতি প্ৰসাদ গগৈয়ে।

Leave A Reply

Your email address will not be published.