আৰ্থিক ভাৱে দুৰ্বল পৰিয়ালৰ ৰোগীলৈ সুখবৰ

0 359

এতিয়াৰে পৰা তামিলনাডুৰ ভেলোৰৰ আগশাৰীৰ চিকিৎসালয়ত চিকিৎসা লাভ কৰিব আৰ্থিক ভাৱে দুৰ্বল পৰিয়ালৰ ৰোগীয়ে।অসম চৰকাৰৰ অভিলাষী স্বাস্থ্য নিশ্চয়তা আঁচনি ‘অটল অমৃত অভিযান’ৰ অধীনত ৰাজ্যৰ দুখীয়া পৰিয়ালৰ লোকক সুলভ চিকিৎসা সেৱা প্ৰদানকাৰী চিকিৎসালয়সমূহৰ তালিকাত নতুনকৈ অন্তৰ্ভুক্ত হ’ল ভেলোৰৰ শ্ৰীপুৰমস্থিত শ্ৰীনাৰায়ণী হস্পিতাল এণ্ড ৰিছাৰ্চ চেণ্টাৰ’।সোমবাৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আৰু গুৱাহাটী উন্নয়ন-নগৰাঞ্চল উন্নয়ন বিভাগৰ মন্ত্ৰী অশোক সিংঘলৰ লগতে বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ উপস্থিতিত অসম চৰকাৰৰ স্বাস্থ্য বিভাগ আৰু শ্ৰীনাৰায়ণী হস্পিতাল এণ্ড ৰিছাৰ্চ চেণ্টাৰৰ মাজত আনুষ্ঠানিক ভাৱে এখন বুজাবুজি চুক্তি স্বাক্ষৰিত হয়।
এই বুজাবুজি চুক্তি সম্পাদনৰ জৰিয়তে অসমৰ আৰ্থিক ভাৱে দুৰ্বল পৰিয়ালৰ ৰোগীৰ বাবে এতিয়াৰে পৰা সুদুৰ ভোলোৰত হৃদৰোগ, কৰ্কট, স্নায়ুৰোগ, ইউৰ’লজীৰ লগতে বৃক্ক সংস্থাপনৰ ক্ষেত্ৰত অত্যাধুনিক চিকিৎসা সেৱা লাভ কৰাটো অধিক সুচল আৰু সহজসাধ্য হৈ উঠিব।ভেলোৰৰ শ্ৰীশক্তি আম্মা হেল্থ কেয়াৰ ট্ৰাষ্টৰ দ্বাৰা পৰিচালিত ব্যক্তিগত চিকিৎসালয়খনে অসমৰ ৰোগীসকলক বিশেষ যত্ন লৈ চিকিৎসা সেৱা উপলব্ধ কৰাবলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়।অটল অমৃত অভিযান আঁচনিখনৰ অধীনত চিকিৎসালয়খনে অসমৰ আৰ্থিক ভাৱে দুৰ্বল পৰিয়ালৰ ৰোগীলৈ হৃদৰোগ, কৰ্কট, বৃক্ষ সংস্থাপন, মূত্ৰৰোগ, নিউৰ’ ছাৰ্জাৰী আদিৰ ক্ষেত্ৰত অত্যাধুনিক বিশেষজ্ঞ চিকিৎসা উপলব্ধ কৰিব।

Leave A Reply

Your email address will not be published.