আৰ্লি চাইল্ড ডেভেলপমেন্ট ফৰামৰ উদ্যোগত বঁটা প্ৰদান অনুষ্ঠান

0 251

আৰ্লি চাইল্ড ডেভেলপমেন্ট ফৰাম উদ্যোগত
আৰু ডাউন টাউন চেৰিটি ট্ৰাষ্টৰ সহযোগত অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত -দা নেশ্বনেল এডুকেশ্বন এক্সিলেন্স চামিট এণ্ড এৱাৰ্ড আয়োজন কৰা হয়। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে প্ৰশাসনিক বিষয়া দেৱজ্যোতি দত্ত, শোভাযাত্ৰা কৰি সমগ্ৰ ভাৰতৰ পৰা বক্তা আৰু প্ৰতিনিধি সকলে একেটা অনুষ্ঠানতে অংশগ্ৰহণ কৰে।
এছ টি ই এ এম(STEAM) ৰ জৰিয়তে একবিংশ শতিকাৰ দক্ষতা বিকাশ, শিক্ষাবিদ বাৰ্নআউট প্ৰতিৰোধ,এন ই পি ২০২০, প্ৰাথমিক বছৰত শিশুৰ স্বাস্থ্য আদি বহুতো অধিবেশন আদি প্ৰাথমিক শিশু যত্ন আৰু শিক্ষাৰ উত্তম পদ্ধতিৰ সৈতে জড়িত বিভিন্ন অধিবেশন অনুষ্ঠিত হয়। ইয়াৰে একাংশ বক্তা হ’ল মুম্বাইৰ বিৰলা অ’পেন মাইণ্ডছৰ প্ৰিস্কুল আৰু ইচিচিইডিৰ ৰাষ্ট্ৰীয় মুৰব্বী অমৃত নাগপাল, দিল্লীৰ জোডৰ মুৰব্বী শ্ৰীকাৰ ৰাও, প্ৰখ্যাত শিশু চিকিৎসক ডাঃ প্ৰাকৃতিশ বৰা, মাৰিয়াজ পাব্লিক স্কুলৰ প্ৰতিষ্ঠাপক নেলী আহমেদ, ছিমৰণ বল্লানী, চিচিই ফিনলেণ্ডৰ পেডাগ’জিকেল হেড।দিনজোৰা এই অনুষ্ঠানত ডেৰশৰো অধিক বিদ্যালয়ৰ মুৰব্বী, অধ্যক্ষ, শিক্ষাবিদ, শিক্ষা নেতা, লগতে এই ক্ষেত্ৰত অধ্যয়ন কৰি থকা সকলেও অংশগ্ৰহণ কৰে।
প্ৰাথমিক শিশু বিকাশ মঞ্চৰ প্ৰতিষ্ঠাপক তথা অধ্যক্ষ ড০ বসৱি আচাৰ্যই কয় – এনে অনুষ্ঠানে শিক্ষাবিদসকলক আপডেট হৈ থাকিবলৈ সহায় কৰে।

Leave A Reply

Your email address will not be published.