গুৱাহাটীত অনুষ্ঠিত ছনী এণ্টাৰটেইনমেণ্ট টেলিভিচনৰ ইণ্ডিয়াজ বেষ্ট ডাঞ্চাৰৰ অডিশ্যনত প্ৰতিযোগীৰ অভূতপূর্ব সঁহাৰি পৰিলক্ষিত হৈছে ।অহা ২৯ফেব্ৰুৱাৰীত সম্প্ৰচাৰ হ’বলগীয়া এই ৰিয়েলিটী শ্ব’টোৰ বিচাৰক হিচাপে থাকিব নৃত্যশিল্পী টেৰেন্স লেৱিছ,গীতা কাপুৰ আৰু মালাইকা আৰোৰা।অনুষ্ঠানটোৰ আঁত ধৰিব জনপ্রিয় কৌতুক অভিনেত্রী ভাৰতী সিং আৰু হৰ্ষ লিম্বাচিয়াই।তাৰোপৰি বিভিন্ন নৃত্যগোষ্ঠীৰ পৰা ১২ জন তত্বাৱধায়কে উদীয়মান প্ৰতিভাসমূহক অনুষ্ঠানলৈ বাছনি হোৱাৰ ক্ষেত্রত সাজু কৰি তুলিব। সমগ্ৰ দেশজুৰি প্ৰতিভাৰ সন্ধান চলোৱা ইণ্ডিয়াজ বেষ্ট ডান্সাৰৰ গুৱাহাটী অডিশ্যনত দুশ গৰাকী প্ৰতিযোগীয়ে অংশগ্রহণ কৰিছে।ইয়াৰ মাজৰ পৰা শ্ৰেষ্ঠ নিৰ্বাচিত প্ৰতিযোগীসকলে ১১ ফেব্ৰুৱাৰীত কলিকতাৰ চি আই আই ত দ্বিতীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব।২৯ফেব্ৰুৱাৰীত এই অনুষ্ঠান চনী টি ভিৰ জৰিয়তে সম্প্ৰচাৰ হ’ব।
Trending
- দেশ – বিদেশৰ বহু গৱেষকৰ উপস্থিতিত শ্বিলঙত জুবিন গাৰ্গৰ সোঁৱৰণত দুদিনীয়াকৈ প্ৰথম ৰাষ্ট্ৰীয় আলোচনা চক্ৰ সম্পন্ন
- নেৰানেপেৰা বৰষুণ, ফিৰফিৰিয়া বতাহৰ বাবে অসমত আবতৰীয়া শীত
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি