গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ কোষৰ উদ্যোগত আৰু এন এছ এছৰ উত্তৰ পূব মণ্ডল আঞ্চলিক সঞ্চালকালয়ৰ সহযোগত গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত ৮ জানুৱাৰীপৰা পাঁচদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে সদৌ অসম আন্তঃবিশ্ববিদ্যালয় এন এছ এছ শিবিৰ।শিবিৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়,বড়োলেণ্ড বিশ্ববিদ্যালয়,অসম কৃষি বিশ্ববিদ্যালয়,তেজপুৰ বিশ্ববিদ্যালয়,অসম ডাউন টাউন বিশ্ববিদ্যালয় আৰু আচাম ইন্সটিটিউট অব নাৰ্ছিঙৰ ২০০ গৰাকী এন এছ এছ স্বেচ্ছাসেৱকে ভাগ লয়।৮ জানুৱাৰীৰ দিনা ফণীধৰ দত্ত সভাগৃহত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত পাঁচদিনীয়া শিবিৰ উদ্বোধন কৰে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক বিৰিঞ্চি কুমাৰ দাসে।এই উপলক্ষে গুৱাহাটী বিশ্ববিদ্যালয়ৰ এন এছ এছ কোষৰ কাৰ্যসূচী সমন্বয়ক ড০ ৰঞ্জন কুমাৰ কাকতিৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে ভাগ লৈ অধ্যাপক বিৰিঞ্চি কুমাৰ দাসে এনে ধৰণৰ শিবিৰৰ জৰিয়তে এন এছ এছৰ স্বেচ্ছাসেৱক সকলৰ পাৰস্পৰিক ভাব-বিনিময় শক্তিশালী হ’ব বুলি ব্যক্ত কৰে।অনুষ্ঠানত এন এছ এছৰ উত্তৰ পূব মণ্ডলৰ কেন্দ্রীয় সঞ্চালক দীপক কুমাৰে বিশিষ্ট অতিথি হিচাপে ভাগ লৈ শিবিৰৰ লক্ষ্য আৰু উদ্দেশ্যৰ ওপৰত আলোকপাত কৰে।অনুষ্ঠানত অতিথি হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ হেমন্ত কুমাৰ নাথ,আমন্ত্রিত অতিথি হিচাপে বিশ্ববিদ্যালয়ৰ শ্ৰেণীসমূহৰ সচিব ড০ দিলীপ বৰুৱা আৰু এন এছ এছৰ উত্তৰ পূব মণ্ডলৰ প্ৰাক্তন কেন্দ্রীয় সঞ্চালক সুনীল বসুমতাৰী উপস্থিত থাকে।আনহাতে ২২ জানুৱাৰীত সামৰণি পৰিবলগীয়া শিবিৰত এন এছ এছৰ স্বেচ্ছাসেৱক সকলক শান্তি আৰু ৰাষ্ট্ৰীয়তাবাদ,দক্ষতা বিকাশ,ব্যক্তিত্ব বিকাশ আৰু কেৰিয়াৰ গঢ়াকে ধৰি বিভিন্ন বিষয়ৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে।
Trending
- বি বৰুৱা কলেজ (স্বশাসিত)ৰ ৮৪সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰিকেটৰ তাৰকা সুনীল গাভাস্কাৰে মুকলি কৰিলে গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথন
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud