উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম চিমেণ্ট প্ৰতিষ্ঠান টপচেম চিমেণ্ট আৰু এ এ চি ব্লক নিৰ্মাতা প্ৰতিষ্ঠান ব্ৰিক’লাইট এ এ চি ব্লকে উত্তৰ পূৰ্বাঞ্চলত ভাৰত চৰকাৰৰ দক্ষতা আৰু উদ্যমিতা মন্ত্রালয়ৰ কাৰ্যসূচী প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ অধীনত ৬ জানুৱাৰীত আৰ পি এলৰ কাৰ্যসূচী মুকলি কৰে।ইয়াৰ জৰিয়তে নিৰ্মাণ খণ্ডত কৰ্মৰত বিভিন্ন প্ৰশিক্ষণ প্ৰদান কৰি দক্ষ কৰি তোলে।আৰ পি এলৰ প্ৰথমটো কাৰ্যসূচীত ৩৪ গৰাকী ৰাজমিস্ত্ৰীয়ে অংশগ্রহণ কৰে।এই সম্পর্কত হোটেল লেণ্ডমাৰ্কত আয়োজিত এক সংবাদমেলত মেঘালয় চিমেণ্ট লিমিটেডৰ ক্ৰয় আৰু বিপণন বিভাগৰ অধ্যক্ষ ড০ অনিল কাপুৰে কয় যে এই কাৰ্যসূচীৰ জৰিয়তে ৰাজমিস্ত্ৰীসকলে আনুষ্ঠানিকভাৱে স্বীকৃতি লাভ কৰিব।উল্লেখযোগ্য যে সামাজিক দায়বদ্ধতা কাৰ্যসূচী হিচাপে টপচেম চিমেণ্ট আৰু ব্ৰিক’লাইট এ এ চি ব্লকে ১০০০ ত কৈ অধিক সহায়ক ৰাজমিস্ত্ৰীক প্ৰশিক্ষণ প্ৰদানৰ পদক্ষেপ গ্রহণ কৰিছে।সংবাদমেলত উপস্থিত থাকি কে.ডি ইনফাৰৰ সাধাৰণ প্ৰৱন্ধক মনোজ বিয়ানীয়ে এই সহযোগিতাৰ জৰিয়তে নিৰ্মাণ খণ্ডৰ অতিশয় প্ৰয়োজনীয় ইটা কামৰ বাবে ৰাজমিস্ত্ৰী সকলক দক্ষ কৰি তোলাৰ প্ৰয়াসৰ দিশত অগ্ৰসৰ হৈছে বুলি জানিবলৈ দিয়ে।
Trending
- বি বৰুৱা কলেজ (স্বশাসিত)ৰ ৮৪সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰিকেটৰ তাৰকা সুনীল গাভাস্কাৰে মুকলি কৰিলে গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথন
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud