ইতিবাচক খবৰৰ সন্ধানত

0 241

WhatsApp Image 2017-10-18 at 5.09.47 PM

উত্তৰ পূবলৈ গৌৰব কঢ়িয়াই আনিলে পেডেন অংমু নামগিয়ালে। উল্লেখযোগ্য যে উত্তৰ পূৰ্বাঞ্চলৰ কোণে কোণে সিঁচৰতি হৈ থকা প্ৰতিভাশালী যুৱতী সকলৰ সৌন্দৰ্য আৰু প্ৰতিভা ৰাষ্ট্ৰীয়, আন্তৰাষ্ট্ৰীয় ক্ষেত্ৰলৈ উলিয়াই নিয়াৰ বাবে প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডে মিছ নৰ্থ ইষ্ট ডিভা প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে। যোৱা ১১ অক্টোবৰত মুম্বাইত অনুষ্ঠিত হোৱা য়ামাহা ফেশ্বন মিছ ডিভা ২০১৭ বৰ্ষত পেডেনে মিছ চুপাৰ নেচনেল খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে পেডেনৰ ঘৰ ছিকিমত। ইয়াৰ পৰৱৰ্ত্তী পৰ্য্যায়ত পেডেনে প’লেণ্ডত ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাৰ বাবে ৰাওনা হ’ব।

WhatsApp Image 2017-10-17 at 6.32.59 PM

আনহাতে আজি কাতি বিহু আৰু কালী পূজাৰ উপলক্ষে ৰাজ্যজুৰি প্ৰস্তুতি চলাৰ বাতৰি আহিছে। সন্ধ্যা ভাগৰ পৰা পূজাৰ ভাগ আৰম্ভ হ’ব যদিও দিনৰ ভাগৰ পৰা কালী মন্দিৰ সমূহত প্ৰস্তুতি চলাৰ দেখা গৈছে। বজাৰ ব্যৱস্থাক অধ্যয়ন কৰোতে পৰিলক্ষিত হ’ল যে স্থানীয় ভাবে উৎপাদিত সামগ্ৰীক ক্ৰেতা ৰাইজে অধিক প্ৰাধান্য দিছে।

WhatsApp Image 2017-10-18 at 5.11.52 PM

ইফালে বসুন্ধৰা নামৰ এটা বেচৰকাৰী সংস্থাই তুলসী পুলি বিনামূলীয়া কৈ মহানগৰীৰ গণেশগুৰিত বিতৰণ কৰিছে। কাতি বিহুৰ দিনা তুলসী পূজাৰ পৰ্ব যাতে সকলোৱে কৰিব পাৰে, তাৰ বাবে এনে ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জানিবলৈ দিছে। ইয়াৰ পূৰ্বে এই সংগঠনটোৱে চাকি বিতৰণ কৰিছিল বুলি জানিব পৰা গৈছে। এয়া আছিল আজি দিনটোৰ ইতিবাচক খবৰৰ এমুঠি খবৰ। পৰৱৰ্ত্তী লেখনিত দেৱালীৰ বিশেষ পঢ়িবলৈ পাব। তাৰ বাবে লগ অন কৰিবলৈ নাপাহৰিব www.nefocus.com।

Leave A Reply

Your email address will not be published.