ই ডি পি আঁচনিয়ে স্বাৱলম্বী কৰিছে বহুতক

0 334

গুৱাহাটী মহানগৰীৰ দীপৰ বিলৰ গাতে ধৰি পশ্চিম গুৱাহাটীৰ গ্ৰাম্যাঞ্চলৰ নিবনুৱা উদ্যমী যুৱক যুৱতী সকলে গো আৰু গাহৰি পালনৰে যাতে স্বাৱলম্বী হ’ব পাৰে তাৰ বাবে ভাৰত চৰকাৰৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান নৰ্বাডৰ ফালৰ পৰা ২০১৮বৰ্ষত উদ্যমিতা উন্নয়ন আঁচনি তথা ই ডি পি নামৰ এখন অভিলাষী আঁচনি গ্ৰহণ কৰিছে ।কিন্তু ২০১৮ বৰ্ষৰ ছেপ্টেম্বৰ মাহত ৰূপায়ন কৰা আঁচনি খনৰ অধীনত মাত্ৰ ছমাহৰ ভিতৰতে বহু নিবনুৱা যুৱক যুৱতী উপকৃত হোৱাত আৰু স্বাৱলম্বীতাৰ পথত আগবাঢ়ি যোৱাত সচেতন লোকসকল উৎসাহিত হৈ পৰিছে।এই সন্দৰ্ভত স্থানীয় উদ্যমী তথা  টুৰিজিম চ’চাইটিৰ কৰ্মকৰ্তা প্ৰমোদ কলিতাই জানিবলৈ দিয়া  মতে ই ডি পি আঁচনিৰ অধীনত গৰু পোহা তথা গো পালনৰ চাৰে চাৰি লাখ টকা ঋণ লাভ কৰিছিল।সম্প্ৰতি গাখীৰৰ পৰা পনীৰ উৎপাদন কৰি আহিছে ।তেওঁ ভালধৰণে স্বাৱলম্বী হৈ পৰিছে,আঁচনি খনৰ সম্পৰ্কত চিকিৎসক ডাক্টৰ নাৰায়ন চন্দ্ৰ দেউৰীয়ে এখন ফলদায়ক আঁচনি বুলি মন্তব্য কৰে।

Leave A Reply

Your email address will not be published.