প্ৰতিবছৰৰ দৰে এইবেলিও দক্ষিণ কামৰূপৰ বৈদ্যুতিন আৰু ছপা মাধ্যমৰ সাংবাদিক আৰু সংবাদকর্মীসকলৰ উমৈহতীয়া সংগঠন ই পি মিডিয়া ফ’ৰাম চাউথ কামৰূপৰ আজি দিনজোৰা কাৰ্যসূচীৰে মিৰ্জাস্থিত ই পি মিডিয়া ফ’ৰাম, চাউথ কামৰূপৰ নিজস্ব ভূমিত ত্ৰয়োদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে ‘ই পি মিডিয়া ফ’ৰাম চাউথ কামৰূপৰ সভাপতি ৰতন কলিতাই। ইয়াৰ পিছতে স্মৃতি তৰ্পন কৰে মুখ্য উপদেষ্টা বলেন কলিতা, কাৰ্যকৰী সভাপতি হিতেন মালীয়ে। বন্তি প্ৰজ্বলন কৰে সম্পাদকদ্বয় নীৰেনে চন্দ্ৰ মালী, গিৰীন্দ্ৰ কলিতা আৰু কোষাধ্যক্ষ হিতেশ কলিতা, সদস্য নুৰুল ইছলাম, চাহাব চৌধুৰী, প্ৰদীপ দাস, জীতুমণী দাসে। দুপৰীয়া সম্পাদকদ্বয় নীৰেনে চন্দ্ৰ মালী আৰু গিৰীন্দ্ৰ কলিতাই আঁতধৰা সভাত সভাপতিত্ব কৰে ফ’ৰামৰ সভাপতি ৰতন কলিতাই। সভাত মুখ্য উপদেষ্টা বলেন কলিতাই ই পি মিডিয়া ফ’ৰামৰ গঠন হোৱাৰে পৰা বিভিন্ন সমাজিক, সাংস্কৃতিক, শৈক্ষিক দিশসমূহত কাম কৰি আহিছে বুলি গঠনমূলক ব্যাখ্যা আগবঢ়ায়। সভাত কাৰ্যকৰী সভাপতি হিতেন মালীয়ে ই পি ফ’ৰাম, চাউথ কামৰূপ স্থাপিত হোৱাৰে পৰা বিভিন্ন ঘাট-প্ৰতিঘাট নেওচি আহি আহি ত্ৰয়োদশ বাৰ্ষিক বৰ্ষত ভৰি দিছে। বিগত সময়ছোৱাত ফ’ৰামৰ তৰফৰ পৰা সামাজিক তথা ক্ৰীড়া ক্ষেত্ৰত আগভাগ লৈ আহিছে বুলি মন্তব্য কৰে। সভাত উপস্থিত সকলোৱে নিজৰ নিজৰ মনোভাৱ ব্যক্ত কৰে। শেষত সভাপতি কলিতা আৰু সম্পাদকদ্বয়ে মালী আৰু কলিতাই বিগত বছৰ কেইটাত উলহ মালহেৰে তথা সামাজিক,সাংস্কৃতিক, ক্ৰীড়াৰ ক্ষেত্ৰত অৱদান আগবঢ়াই অহা বাবে বিভিন্নজনক সম্বৰ্ধনা জনাই আহিছে। কিন্তু দুখৰ বিষয় যে, এইবেলিও বিগত দিন কেইটাত বৰষুণৰ ফলত ই পিমিডিয়া ফ’ৰামৰ নিজস্ব ভূমিত কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে। সেয়েহে এইবেলি বিগত বছৰবোৰৰ দৰে প্ৰতিষ্ঠা দিৱস উদযাপন কৰা নহ’ল। লগতে ই.পি.মিডিয়া ফ’ৰামৰ নিজস্ব ভূমিত চাৰিসীমাৰ বেৰৰ বাবে যাৱতীয় কাৰ্যব্যৱস্থা গ্ৰহণ কৰা হৈছে। অতি শীঘ্ৰে চাৰি সীমাৰ বেৰৰ কাম আৰম্ভ হলেই ভূমিত মাটি পূৰোৱা তথা ঘৰৰ কাম আৰম্ভ কৰিব বুলিও উল্লেখ কৰে। ইতিমধ্যে ই পি মিডিয়া নিজস্ব ভূমিত শৌচাগাৰ আৰু প্ৰসৱগাৰ কাৰ পঞ্চায়তৰ অনুদানৰে যোৱা সম্পূৰ্ণ হৈছে। ঠিক তেনেদৰে আগন্তুক সময়ত পৰ্যায় ক্ৰমে চাৰিসীমাৰ বেৰ আৰু ঘৰৰ কাম হৈ উঠিব বুলি আশা প্ৰকাশ কৰে।
Trending
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ