দক্ষিণ কামৰূপ সচেতন মঞ্চই ৭২ সংখ্যক বন মহোৎসৱৰ লগত সংগতি ৰাখি আজি পলাশবাৰী আৰু পশ্চিম গুৱাহাটী সমষ্টিৰ অন্তৰ্গত ৯ (ন)খন ঈদগাহস্থলী আৰু কৱৰ স্থানত বৃক্ষৰোপন কৰে। সচেতন মঞ্চৰ উপদেষ্টা, সাংবাদিক তথা লেখক দীপক শৰ্মা আৰু মঞ্চৰ অধ্যক্ষ তথা প্ৰাক্তন ছাত্র নেতা মদন দাসৰ দৰে দুই হিন্দু যুৱকে লোৱা এই প্ৰচেষ্টাক ইছলাম ধৰ্মাৱলম্বী একাংশ বিশিষ্ট লোকে ভূয়সী প্ৰশংসা কৰে। পশ্চিম গুৱাহাটী সমষ্টিৰ পাচনীয়াপাৰা ঈদগাহ, পাচনীয়াপাৰা ৰাজহুৱা কৱৰ স্থান, পলাশবাৰী সমষ্টিৰ মিৰ্জাৰ কোছপাৰা নিউকলনি জামা মছজিদ, কোছপাৰা নিউকলনি কৱৰ স্থান, সৰপাৰা কৱৰ স্থান, হালীগাঁৱ- সৰপাৰা ঈদগাহ, হালীগাঁৱ কৱৰ স্থান, নৈপৰীয়া চিমিনা ৰাজহুৱা মছজিদ, চিমিনা ৰাজহুৱা কৱৰ স্থানত শতাধিক গছপুলি ৰোপন কৰে। এই অনুষ্ঠানত পাচনীয়াপাৰা মফিজুদ্দিন আহমেদ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক আয়ুৱউদ্দিন আহমেদ, পাচনীয়াপাৰা ঈদগাহ সমিতিৰ সম্পাদক তথা খ্যাতিমান প্ৰাক্তন ফুটবল তথা কাবাড়ী খেলুৱৈ আক্ৰাম হুছেইন, বঙৰা অঞ্চলৰ সমাজকৰ্মী জাফৰ আলী, মকবুল আলী, মিৰ্জাৰ ইমাম মতিউৰ ৰহমান, মিৰ্জাৰ সমাজসেৱী নাছিৰ আহমেদ, বিজু ৰহমান, মোস্তফা ৰহমান, সৰপাৰা কৱৰ স্থানৰ সম্পাদক মন্টু আলী, সহ: সম্পাদক মমতাজ আলী, বিটিএডিৰ গোৰেশ্বৰ অঞ্চলৰ সমাজকৰ্মী ৰাজীৱ আলী, ইনটাজুল আলী, চফিকুৰ ৰহমান, নুৰুদ্দিন আলী, চিমিনাৰ ইমাম আব্দুল ৰহমান, সমাজকৰ্মী নুৰ ইছলাম আলী, ইউনুছ আলী, যুৱ ব্যৱসায়ী লফিকুল আলী, তাজনুৰ আলাম প্ৰভৃতি লোকসকলে অংশগ্রহণ কৰে। শিক্ষাবিদ-সমাজকৰ্মী আয়ুৱউদ্দিন আহমেদে কয়- সচেতন মঞ্চ সচাঁকৈয়ে প্ৰশংসাৰ পাত্ৰ। মহামাৰী ক`ৰণাৰ বিভীষিকাময় পৰিস্থিতিৰ মাজতো নিজৰ জীৱনৰ প্ৰতি ভয়- শংকা নকৰি সাংবাদিক দীপক শৰ্মা আৰু প্ৰাক্তন ছাত্র নেতা মদন দাসে ঈদগাহ, কৱৰ স্থানত যি গছ ৰোপন কৰিলে এয়া ইতিহাসৰ পাতত তেওঁলোক দুয়োজনৰে নাম সোণালী আখৰেৰে লিখা থাকিব। খ্যাতিমান প্ৰাক্তন খেলুৱৈ আক্ৰাম হুছেইনে কয়- সমন্বয়-সংহতিৰ সেতু গঢ়িলে সচেতন মঞ্চই। তেওঁলোকৰ চিন্তাই সমাজত এক ইতিবাচক বাৰ্তা বহন কৰিব। ইমাম মতিউৰ ৰহমানে কয়- আজিৰ এই জটিল সন্ধিক্ষণত এক মহামিলনৰ বাট সূচল কৰিলে দীপক-মদনে। মানুহৰ মাজত থকা ভেদা ভেদৰ প্ৰাচিৰখন ভাঙিবলৈ কৰা প্ৰয়াসক ইমাম গৰাকীয়ে আদৰণি জনায়।
Trending
- Maiden ‘Rising Northeast Investors’ Summit’ in Delhi
- অমৃত ভাৰত আঁচনিৰ অধীনত নতুন ৰূপত মধ্য অসমৰ হয়বৰগাওঁ ৰেলৱে ষ্টেচন – ২২ মে’ত ভিডিঅ কনফাৰেৰেন্সি যোগে উদ্ধোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
- ঐতিহ্যমণ্ডিত ডিব্ৰুগড় চহৰক বিকাশৰ ৰূপান্তৰৰ জৰিয়তে আটকধুনীয়াকৈ সুসজ্জিত কৰাৰ পোষকতা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
- বাৰিষাৰ প্ৰতিকূল পৰিস্থিতিত যান-বাহন ব্যৱহাৰকাৰীলৈ সতৰ্কবাণী পৰিবহণ বিভাগৰ
- সাংস্কৃতিক বিভাগৰ অধীনৰ বিভিন্ন বিষয়ৰ সন্দৰ্ভত সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ অধ্যক্ষতাত বৈঠক
- Northeast’s Maritime Future Brightens: Union Minister Announces ₹1,500 Crore Investment in Waterway Projects
- খানামুখত পৰীক্ষিত হালৈৰ প্ৰবন্ধ সংকলন ভিন্নসুৰী উন্মোচন
- Celebration of National Technology Day 2025 at DRL-DRDO, Tezpur
- ৰাজ্যৰ বান ব্যৱস্থাপনা প্ৰস্তুতি সম্পৰ্কত পৰ্যালোচনা কৰিলে অসমৰ মুখ্য সচিবে
- ভাৰতীয় সেনা-পৰিয়ালৰ অসামান্য সেৱাৰ প্ৰতি সন্মান জনাই পৰিবহণৰ বিশেষ জনসেৱা কাৰ্যসূচী আৰম্ভ