ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলৰ একান্ত প্ৰচেষ্টাৰ ফলস্বৰূপে সফলভাৱে সমাপ্তি ঘটিল উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ মিডিয়া উৎসৱ কমিউনিকা ২০১৭ৰ। যোৱা ইং ৮ মে’ৰপৰা আৰম্ভ হোৱা এই মিডিয়া উৎসৱটো ১০ মে’,২০১৭ তাৰিখে শেষ হয়। উল্লেখনীয় যে এই উৎসৱটিৰ উদ্বোধনত অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য সচিব আই.পি.এছ. আনন্দ প্ৰকাশ তিৱাৰীকে প্ৰমুখ্য কৰি অসমৰ সংবাদ জগতৰ বহুকেইগৰাকী বৰেণ্য ব্যক্তি উপস্থিত আছিল। ১৬টাতকৈ অধিক বিভাগত অনুষ্ঠিত এই উৎসৱটিত অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বহুকেইগৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। অ.এন.জি.চি.,ডালমিয়া,সাংবাদিক প্ৰসন্ন নাৰায়ণ ভট্টাচাৰ্য সোৱৰণী ন্যাসকে প্ৰমুখ্য কৰি অসমৰ বহুতো আগশাৰী অনুষ্ঠান-প্ৰতিষ্ঠানে সহায় সহযোগিতা আগবঢ়োৱাৰ লগতে অনলাইন মিডিয়া পাৰ্টনাৰ ৰূপে আছিল এন.ই.ফ’কাছ ডট ক’ম। বাতৰি এঙ্কৰিঙ, আৰজেয়িঙ,বাতৰি লিখন,মিঃ কিমিউনিকা-মিছ কমিউনিকাকে প্ৰমুখ্য কৰি বিভিন্ন শিতানত হোৱা এই প্ৰতিযোগিতাসমূহত প্ৰতিযোগীসকলৰ ব্যাপক সহাৰি পৰিলক্ষিত হয়।উৎসৱটিৰ শেষৰ দিনা অনুষ্ঠিত হোৱা বটা বিতৰণী অনুষ্ঠানত বিভাগীয় মুৰব্বী ডঃ অংকুৰণ দত্ত,বিশিষ্ট গায়ক জে.পি. দাস,কস্তুৰী প্ৰকাশনৰ স্বত্বাধিকাৰী খনীন মেধি,এন. ই. ফ’কাছ ডট ক’মৰ সম্পাদিকা সংগীতা শইকীয়া, আছুৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক জয়ন্ত কুমাৰ ভট্টাচাৰ্য,আজিৰ সংবাদ শীৰ্ষ বাতৰিকাকতৰ কাৰ্যবাহী সম্পাদক ৰাকিবুৰ ৰহমানকে প্ৰমুখ্য কৰি বহুকেইগৰাকী ব্যক্তি উপস্থিত থকাৰ লগতে বিভাগীয় মুখপাত্ৰ ‘প্ৰত্যাশা’ উন্মোচন কৰা হয়। উক্ত দিনাই অনুষ্ঠিত হোৱা স্বৰ্গীয় অনামিকা ৰয় সোৱৰণী সাংস্কৃতিক সন্ধিয়াটোত বহুতো অনুষ্ঠানৰ লগতে সমগ্ৰ ভাৰততে নিজৰ প্ৰতিভাৰে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ নাম উজ্জ্বলাই তুলিবলৈ সক্ষম হোৱা বিখ্যাত থলুৱা সাংস্কৃতিক গোষ্ঠী তেজপুৰৰ থেছপিয়ানৰ লগতে MTV ROCK ON ৰ ছিজন ২ত শীৰ্ষ পাচঁত স্থান কৰি সকলোৰে সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা AXIS বেণ্ডৰ সাংস্কৃতিক অনুষ্ঠানে সন্ধিয়াটিৰ সৌষ্ঠৱ চাৰিগুণলৈ বৃদ্ধি কৰে। এনেদৰেই বিভিন্ন ৰঙ-বিৰঙী অনুষ্ঠানৰ পাছতেই নিশা সামৰণি পৰে উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ মিডিয়া উৎসৱ কমিউনিকা ২০১৭।
Trending
- ৰাজীৱ ভৱনত শিল্পী দিৱস পালন, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক স্মৰণ
- ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ দিৱসৰ দিনা বেংগালুৰু আৰু গুৱাহাটীত এইচ ডি এফ চি বেংকৰ ষ্টাৰ্টআপ লাউঞ্জ মুকলি
- Nefocus initiative-Seismic Safety Conclave
- 12th Inter-District Roller Skating Championship by APRINS in Guwahati from Jan 10 with the Theme From Turf to Table
- এইচ ডি এফ চি বেংক স্মাৰ্টগেটৱে পেমেণ্ট প্লেটফৰ্মে চিবিডিচি (ডিজিটেল টকা) একত্ৰিত কৰে
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ঘোষণা ; মাঘ বিহুৰ উৰুকাৰ সময়লৈ শীত প্ৰৱাহ অব্যাহত থকাৰ সম্ভাবনা
- বিভিন্ন ৰাষ্ট্ৰীয়–আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ‘শিপা-ঝাৰ’ তথ্যচিত্ৰৰ উজ্জ্বল সফলতা
- 40 High‑Speed Inflatable Boats Handed Over to Fire & Emergency Services
- আকাশত মাজে সময়ে সূৰুয দেৱতাই ভুমুকি মাৰিলেও অব্যাহত থাকিব শীতৰ প্ৰকোপ
- মহানগৰীৰ পশ্চিম প্ৰান্তৰ ধাম-মন্দিৰত বিৰ-দি-বাট নোপোৱা পৰিৱেশ -নৱবর্ষক আদৰিবলৈ উদগ্ৰীৱ অধিকাংশ ভক্তপ্ৰাণ ৰাইজ

