ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলৰ একান্ত প্ৰচেষ্টাৰ ফলস্বৰূপে সফলভাৱে সমাপ্তি ঘটিল উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ মিডিয়া উৎসৱ কমিউনিকা ২০১৭ৰ। যোৱা ইং ৮ মে’ৰপৰা আৰম্ভ হোৱা এই মিডিয়া উৎসৱটো ১০ মে’,২০১৭ তাৰিখে শেষ হয়। উল্লেখনীয় যে এই উৎসৱটিৰ উদ্বোধনত অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য সচিব আই.পি.এছ. আনন্দ প্ৰকাশ তিৱাৰীকে প্ৰমুখ্য কৰি অসমৰ সংবাদ জগতৰ বহুকেইগৰাকী বৰেণ্য ব্যক্তি উপস্থিত আছিল। ১৬টাতকৈ অধিক বিভাগত অনুষ্ঠিত এই উৎসৱটিত অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বহুকেইগৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। অ.এন.জি.চি.,ডালমিয়া,সাংবাদিক প্ৰসন্ন নাৰায়ণ ভট্টাচাৰ্য সোৱৰণী ন্যাসকে প্ৰমুখ্য কৰি অসমৰ বহুতো আগশাৰী অনুষ্ঠান-প্ৰতিষ্ঠানে সহায় সহযোগিতা আগবঢ়োৱাৰ লগতে অনলাইন মিডিয়া পাৰ্টনাৰ ৰূপে আছিল এন.ই.ফ’কাছ ডট ক’ম। বাতৰি এঙ্কৰিঙ, আৰজেয়িঙ,বাতৰি লিখন,মিঃ কিমিউনিকা-মিছ কমিউনিকাকে প্ৰমুখ্য কৰি বিভিন্ন শিতানত হোৱা এই প্ৰতিযোগিতাসমূহত প্ৰতিযোগীসকলৰ ব্যাপক সহাৰি পৰিলক্ষিত হয়।উৎসৱটিৰ শেষৰ দিনা অনুষ্ঠিত হোৱা বটা বিতৰণী অনুষ্ঠানত বিভাগীয় মুৰব্বী ডঃ অংকুৰণ দত্ত,বিশিষ্ট গায়ক জে.পি. দাস,কস্তুৰী প্ৰকাশনৰ স্বত্বাধিকাৰী খনীন মেধি,এন. ই. ফ’কাছ ডট ক’মৰ সম্পাদিকা সংগীতা শইকীয়া, আছুৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক জয়ন্ত কুমাৰ ভট্টাচাৰ্য,আজিৰ সংবাদ শীৰ্ষ বাতৰিকাকতৰ কাৰ্যবাহী সম্পাদক ৰাকিবুৰ ৰহমানকে প্ৰমুখ্য কৰি বহুকেইগৰাকী ব্যক্তি উপস্থিত থকাৰ লগতে বিভাগীয় মুখপাত্ৰ ‘প্ৰত্যাশা’ উন্মোচন কৰা হয়। উক্ত দিনাই অনুষ্ঠিত হোৱা স্বৰ্গীয় অনামিকা ৰয় সোৱৰণী সাংস্কৃতিক সন্ধিয়াটোত বহুতো অনুষ্ঠানৰ লগতে সমগ্ৰ ভাৰততে নিজৰ প্ৰতিভাৰে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ নাম উজ্জ্বলাই তুলিবলৈ সক্ষম হোৱা বিখ্যাত থলুৱা সাংস্কৃতিক গোষ্ঠী তেজপুৰৰ থেছপিয়ানৰ লগতে MTV ROCK ON ৰ ছিজন ২ত শীৰ্ষ পাচঁত স্থান কৰি সকলোৰে সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা AXIS বেণ্ডৰ সাংস্কৃতিক অনুষ্ঠানে সন্ধিয়াটিৰ সৌষ্ঠৱ চাৰিগুণলৈ বৃদ্ধি কৰে। এনেদৰেই বিভিন্ন ৰঙ-বিৰঙী অনুষ্ঠানৰ পাছতেই নিশা সামৰণি পৰে উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ মিডিয়া উৎসৱ কমিউনিকা ২০১৭।
Trending
- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰিকেটৰ তাৰকা সুনীল গাভাস্কাৰে মুকলি কৰিলে গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথন
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ

