International Forum for Environment, Sustainability and Technology (iFOREST) ৰ উদ্যোগত আজি গুৱাহাটীৰ NEDFi House ত উত্তৰ-পূৰ্ব ভাৰত স্বচ্ছ শক্তি সন্মিলন ২০২৬” অনুষ্ঠিত হয়। এই সন্মিলনত জ্যেষ্ঠ চৰকাৰী নেতৃত্ব, নিয়ন্ত্ৰণকাৰী সংস্থা, উদ্যোগ প্ৰতিনিধি, অৰ্থনৈতিক প্ৰতিষ্ঠান আৰু প্ৰযুক্তি প্ৰদানকাৰীসকল একত্ৰিত হৈ উত্তৰ-পূৰ্বাঞ্চলত নবীকৰণযোগ্য শক্তিৰ বিস্তাৰৰ বাবে এক সুশৃঙ্খল আৰু ৰূপায়ণ-কেন্দ্ৰিক আঞ্চলিক কাৰ্যপন্থা প্ৰস্তুত কৰাৰ দিশত আলোচনা কৰে।
এক নির্দিষ্ট আঞ্চলিক অধ্যয়ন-ভিত্তিক আৰু বিনিয়োগ মঞ্চ হিচাপে আয়োজন কৰা এই সন্মিলনত অঞ্চলটোৰ আনুমানিক ১৩০ গিগাৱাট নবীকৰণযোগ্য শক্তিৰ সম্ভাৱনা উন্মোচনৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। ভাৰতৰ প্ৰায় ৯ শতাংশ জলাশয় উত্তৰ-পূৰ্বাঞ্চলত অৱস্থিত আৰু উল্লেখযোগ্য জলবিদ্যুৎ আৰু সৌৰ সম্পদে অঞ্চলটোক ভাৰতৰ পৰৱৰ্তী পৰ্যায়ৰ স্বচ্ছ শক্তি বিস্তাৰৰ এক কৌশলগত কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰিছে। তথাপি বৰ্তমান স্থাপিত নবীকৰণযোগ্য ক্ষমতা সীমিত হৈ থকা বিষয়টোৱে বিকাশকাৰী, বিত্তীয় সংস্থান আৰু প্ৰযুক্তি প্ৰদানকাৰীসকলৰ বাবে বৃহৎ বিনিয়োগ সুযোগৰ স্পষ্ট ইংগিত প্ৰদান কৰে।
উত্তৰ-পূৰ্বাঞ্চলৰ স্বচ্ছ শক্তি বিকাশৰ সম্ভাৱনা উপস্থাপন কৰি iFOREST ৰ পৰিচালক Mandvi Singh য়ে কয়,উত্তৰ-পূৰ্বাঞ্চল ভাৰতৰ স্বচ্ছ শক্তি ৰূপান্তৰৰ এক গুৰুত্বপূৰ্ণ সন্ধিক্ষণত অৱস্থিত। শক্তিশালী জলবিদ্যুৎ আৰু সৌৰ সম্পদৰ লগতে ক্ৰমবৰ্ধমান বিদ্যুৎ চাহিদাই অঞ্চলটোক দেশৰ নবীকৰণযোগ্য শক্তি বিকাশৰ পৰৱৰ্তী পৰ্যায়ত এক তাৎপৰ্যপূৰ্ণ ভূমিকা পালন কৰিবলৈ সক্ষম। এতিয়াৰ মুখ্য অগ্ৰাধিকাৰ হৈছে নীতি-স্বচ্ছতা, শক্তি ক্ৰয়ৰ নিশ্চয়তা আৰু সংহত শক্তি-সংৰক্ষণ আৰু প্ৰেৰণ পৰিকল্পনাৰ মাধ্যমে চিহ্নিত সম্ভাৱনাসমূহক আৰ্থিকভাৱে বিনিয়োগযোগ্য প্ৰকল্পলৈ ৰূপান্তৰ কৰা। অৰুপ মিশ্ৰ, অধ্যক্ষ, অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে ক’লে, “নৱীকৰণযোগ্য শক্তিয়ে জীৱাশ্ম ইন্ধনক কেবল প্ৰতিস্থাপন কৰাৰ উপৰিও ইয়াৰ উদ্দেশ্য হৈছে অধিক পৰিবৰ্তনশীল, নিৰ্ভৰযোগ্য আৰু নমনীয় শক্তি যোগান ব্যৱস্থাক একত্ৰিত কৰা।
এই সন্মিলন উদ্বোধন কৰি যাদৱ শইকীয়া (সচিব (বিদ্যুৎ বিভাগৰ) অসম চৰকাৰ, যিয়ে গুৰুত্ব আৰোপ কৰি কয়, “বৰ্তমান অসমে ২০২৫ চনত সৌৰ শক্তি, PSP আৰু তাপ বিদ্যুৎ উৎপাদন নীতি জাৰি কৰিছে যাতে ভৱিষ্যতৰ স্বচ্ছ শক্তি ৰূপান্তৰ প্ৰক্ৰিয়া সহজ আৰু সুচল হয়। এতিয়া ৩০০০ মেগাৱাটতকৈ অধিক ক্ষমতাৰ ৩টা PSP প্ৰকল্প চলি আছে। লগতে, অসমে পিএম সূৰ্যঘৰ মুফ্ত বিজুলি যোজনাৰ সফল ৰূপায়ণ কৰিছে আৰু ইতিমধ্যে ৯১,০০০তকৈ অধিক ছাদ লক্ষ্য স্থিৰ কৰা হৈছে। ইয়াৰ ফলত উত্তৰ-পূৰ্বাঞ্চলত অসম প্ৰথম আৰু ভাৰতত দশম স্থান দখল কৰিছে। ২০০ মেগাৱাটতকৈ অধিক ক্ষমতাৰ নতুন PV প্ৰকল্পসমূহো প্ৰস্তুতিৰ অৱস্থাত আছে। একেলগে বিতৰণ খণ্ডত ২০২৩-২০২৪ চনৰ হিচাপ অনুসৰি T&C ১৪% লৈ হ্ৰাস পাইছে। নিশ্চিত বিদ্যুৎ যোগান এটা সাফল্য, আৰু অধিক কাৰ্যক্ষমতাৰে ইয়াক অৰ্জন কৰাটো এক বিশেষ বিষয়। লগতে COPত জলবায়ু অৰ্থায়ন ৩০০ বিলিয়ন ডলাৰলৈ তিনিগুণ বৃদ্ধি কৰাৰ চেষ্টা কৰা হৈছিল। কিন্তু বৰ্তমান আন্তঃৰাষ্ট্ৰীয় পৰিস্থিতি লক্ষ্য কৰিলে সেয়া সম্ভৱ নহ’ব। তেওঁলোকৰ নিজৰ সমস্যা আছে যেনে যুদ্ধ, মুদ্ৰাস্ফীতি আৰু ঋণ। সেয়ে iFORESTৰ দৰে সংগঠনসমূহে নৱীকৰণযোগ্য শক্তিত বিনিয়োগৰ বাবে দেশীয় আগ্ৰহ সৃষ্টি কৰাটো অতি গুৰুত্বপূৰ্ণ।সন্ধিক্ষণত উত্তৰ-পূৰ্বাঞ্চল
উত্তৰ-পূৰ্বাঞ্চলত বিদ্যুৎ চাহিদা ২০২৫–২৬ চনত ২৪,৪১৭ মিলিয়ন ইউনিটৰ পৰা ২০৩১–৩২ চনত ৩৪,৫৭২ মিলিয়ন ইউনিটলৈ বৃদ্ধি পাব বুলি প্ৰক্ষেপণ কৰা হৈছে। একে সময়ছোৱাত সৰ্বোচ্চ বিদ্যুৎ চাহিদা ৪,৯৯৬ মেগাৱাটৰ পৰা ৭,১৯২ মেগাৱাটলৈ উন্নীত হ’ব বুলি অনুমান কৰা হৈছে। এই প্ৰেক্ষাপটত, কেৱল অতিৰিক্ত উৎপাদন ক্ষমতা সংযোজনেই পৰ্যাপ্ত নহ’ব; বৰং বৈচিত্ৰ্যপূৰ্ণ, শক্তি-সংৰক্ষণ-সমন্বিত আৰু উচ্চ নিৰ্ভৰযোগ্যতা সম্পন্ন শক্তি ব্যৱস্থা গঢ়ি তোলাটো কৌশলগতভাৱে অগ্ৰাধিকাৰপ্ৰাপ্ত বিষয়।
অঞ্চলটোৰ নবীকৰণযোগ্য শক্তিৰ সম্ভাৱনা মুখ্যতঃ অৰুণাচল প্ৰদেশ, ছিকিম আৰু মেঘালয়ৰ জলবিদ্যুৎ সম্পদৰ ওপৰত নিৰ্ভৰশীল। ইয়াৰ সৈতে অসম, ত্ৰিপুৰা, মণিপুৰ, নাগালেণ্ড আৰু মিজোৰামত ক্ৰমবৰ্ধমান সৌৰ সম্ভাৱনাই শক্তি-মিশ্ৰণক অধিক বৈচিত্ৰ্যপূৰ্ণ কৰি তুলিছে।